কেন্দ্ৰীয় চৰকাৰে দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে বুলি প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে প্ৰকাশ কৰিছে। প্ৰতিৰক্ষা মন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত শ্ৰী সিঙে কয় যে ভাৰতে ইতিমধ্যে ২১ হাজাৰ কোটি টকাতকৈও অধিক মূল্যৰ প্ৰতিৰক্ষা সা-সামগ্রী আমদানি কৰিছে। ইয়াক এক অভিলেখ বুলিও মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে এখন শক্তিশালী আৰু আত্মনিৰ্ভৰ ভাৰত গঢ়াৰ লগতে দেশৰ সুৰক্ষা তথা নিৰাপত্তা বাহিনীসমূহৰ কল্যাণ সাধনেই হৈছে কেন্দ্ৰীয় চৰকাৰৰ অগ্ৰাধিকাৰৰ বিষয়বস্তু।
Assamese | June 13, 2024 4:21 PM | Defence Ministers | India | RAJNATH SING | Rajnath Singh
দেশৰ প্ৰতিৰক্ষা আমদানি অহা ৫ বছৰত ৫০ হাজাৰ কোটি টকালৈ বৃদ্ধি কৰাৰ লক্ষ্যঃ ৰাজনাথ সিং