কংগ্ৰেছ দলে আজি লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীয়ে অংশ লয়। ৰাহুল গান্ধীয়ে সংবাদমেলত ভোটদাতাসকলক ধন্যবাদ জ্ঞাপন কৰি এই নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছে বুলি প্ৰকাশ কৰে। কাইলৈ হ’বলগীয়া বিৰোধী ঐক্যমঞ্চৰ বৈঠকত নির্বাচনী ফলাফল সন্দৰ্ভত আলোচনা কৰা হ’ব বুলি শ্ৰী গান্ধীয়ে কয়। সংবাদমেলত বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ফলপ্রসূ হৈছে বুলি তেওঁ উল্লেখ কৰে। শ্ৰী খার্গেই সংবাদমেলত কয় যে কোনো দলেই স্পষ্ট সংখ্যাগৰিষ্ঠতা লাভ কৰিব পৰা নাই আৰু আজিৰ ফলাফলে জনসাধাৰণৰ প্রধানমন্ত্ৰীৰ বিৰুদ্ধে জনমতকে প্রতিফলিত কৰিছে। আনহাতে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নিশা ৮ বজাত দিল্লীত বিজেপিৰ মুখ্য কাৰ্যালয়ত উপস্থিত হ’ব। তেওঁ মুখ্য কাৰ্যালয়ৰ পৰা বিজেপি কাৰ্যকৰ্তাসকলক সম্বোধন কৰাৰ সম্ভাৱনা আছে।
Assamese | June 4, 2024 9:23 PM | Congress | Lok Sabha Elections 2024 | Lok Sabha Poll | Political | Rahul Gandhi
নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছেঃ ৰাহুল গান্ধী