June 4, 2024 9:08 PM

views 78

অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বিজেপিৰ জয়লাভ

অৰুণাচল প্ৰদেশ আৰু ত্ৰিপুৰাত বিজেপিয়ে জয়লাভ কৰিছে। অৰুণাচল প্ৰদেশৰ অৰুণাচল পূব সমষ্টিত বিজেপিৰ টাপিৰ গাঁও আৰু অৰুণাচল পশ্চিম সমষ্টিত কেন্দ্রীয় মন্ত্ৰী তথা বিজেপি নেতা কিৰেন ৰিজিজু বিজয় হৈছে। মিজোৰাম সমষ্টিত জোৰাম পিপলছ মুভমেন্ট দলৰ প্ৰাৰ্থী ৰিছাৰ্ড ভানলালমাংগাইহা জয় হৈছে। মেঘালয়ৰ শ্বিলং সমষ্টিত ভইছ অফ পিপলছ পাৰ্টীৰ ৰিকি ছিংকন আৰু তুৰা সমষ্টিত কংগ্ৰেছ দলৰ ছালেং এ ছাংমা জয় হৈছে। ত্ৰিপুৰাৰ দুটা সমষ্টিত বিজেপি প্রার্থী জয় হৈছে। ত্ৰিপুৰা পূব সমষ্টিত কীৰ্তি দেৱী দেৱবৰ্মন আৰু ত্ৰিপুৰা ৱেষ্ট সমষ...

June 4, 2024 9:23 PM

views 44

নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছেঃ ৰাহুল গান্ধী

কংগ্ৰেছ দলে আজি লোকসভা নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত এখন সংবাদমেল সম্বোধন কৰে। সংবাদমেলত দলৰ সভাপতি মল্লিকার্জুন খার্গে, কংগ্ৰেছ নেত্ৰী ছোনিয়া গান্ধী আৰু নেতা ৰাহুল গান্ধীয়ে অংশ লয়। ৰাহুল গান্ধীয়ে সংবাদমেলত ভোটদাতাসকলক ধন্যবাদ জ্ঞাপন কৰি এই নির্বাচন সংবিধান ৰক্ষাৰ স্বাৰ্থত অনুষ্ঠিত হৈছে বুলি প্ৰকাশ কৰে। কাইলৈ হ'বলগীয়া বিৰোধী ঐক্যমঞ্চৰ বৈঠকত নির্বাচনী ফলাফল সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি শ্ৰী গান্ধীয়ে কয়। সংবাদমেলত বিৰোধী দলসমূহৰ সৈতে কংগ্ৰেছ একেলগে নিৰ্বাচনত অৱতীৰ্ণ হোৱাটো ফলপ্রসূ হৈছে বুলি তেওঁ...

June 4, 2024 8:29 PM

views 77

দেশৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে

লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি দেশৰ ৫৪৩ খন লোকসভা আসনৰ ভিতৰত বিজেপিয়ে ইতিমধ্যে ৮৯ খন আসনত জয়লাভ কৰাৰ লগতে ১৫০ খনত আসনত অগ্ৰগতি লাভ কৰিছে। গুজৰাটৰ চুৰাট আসনত বিজেপিয়ে বিনা প্রতিদ্বন্দ্বিতাৰে জয়লাভ কৰিছে। আনহাতে, কংগ্ৰেছে ৩৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে আন ৬২ খন আসনত আগবাঢ়ি আছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত বিজেপিৰ জ্যেষ্ঠ নেতা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ডেৰ লাখতকৈ অধইক ভোটত নিকটতম প্রতিদ্বন্দ্বী কংগ্ৰেছ প্ৰাৰ্থী অজয় ৰায়ক পৰাস্ত কৰে। আনহাতে, বিজেপিৰ জ্যেষ...

June 4, 2024 6:58 PM

views 51

ৰাজ্যৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত

অসমৰ ১৪টা লোকসভা সমষ্টিত কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজত লোকসভা নিৰ্বাচনৰ ভোটগণনা প্রক্রিয়া পূর্ণগতিত অব্যাহত আছে। নির্বাচন আয়োগৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ৮খন আসনত আৰু এন ডি এ মিত্ৰজোঁটৰে অগপই বৰপেটা সমষ্টিত জয়লাভ কৰিছে। ইয়াৰ বিপৰীতে কংগ্ৰেছে ৩ খন আসনত জয়লাভ কৰিছে। ডিব্ৰুগড় সমষ্টিত বিজেপিৰ সৰ্বানন্দ সোণোৱালে বিৰোধী ঐক্যমঞ্চৰ সমৰ্থিত অসম জাতীয় পৰিষদৰ লুৰীণজ্যোতি গগৈক পৰাস্ত কৰে। একেদৰে লখিমপুৰ, শোণিতপুৰ, কাজিৰঙা, শিলচৰ, ডিফু, গুৱাহাটী আৰু দৰং-ওদালগুৰিত জয়লাভেৰে বিজেপি নেতৃত্বাধীন এ...

June 4, 2024 6:49 PM

views 68

বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে

দেশৰ নিৰ্বাচন আয়োগে প্ৰকাশ কৰা শেহতীয়া তথ্য মতে শাসনাধিস্থিত বিজেপি মিত্রজোঁটে ৯২ খন আসনত জয়ী হোৱাৰ বিপৰীতে ১৯৭ খনত আগবাঢ়ি আছে। আনহাতে, আই এন ডি এ মিত্রজোঁটে ২৯ খনত জয়লাভ কৰাৰ বিপৰীতে ২০৬ খনত আগবাঢ়ি আছে। বিজেপিয়ে অকলে ৮৭ খন আসনত জয়লাভ কৰাৰ বিপৰীতে ১৫১ খনত অগ্রগতি লাভ কৰি আছে। কংগ্ৰেছে ইতিমধ্যে ২৩খন আসনত জয়লাভ কৰাৰ উপৰি ৭৭ খন আসনত আগবাঢ়ি আছে। জনতা দল ছেকুলাৰে দুখন, আম আদমী পাৰ্টী আৰু হিন্দুস্তানী আবাম মৰ্চা ছেকুলাৰে এখনকৈ আসনত জয়লাভ কৰিছে। ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বাৰাণসী সমষ্টিত ...

June 4, 2024 5:27 PM

views 60

শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰি আছে

দেশৰ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ শেহতীয়া তথ্য অনুসৰি বিজেপিয়ে ১৯খন আসনত জয় লাভ কৰাৰ লগতে আন ২২৫ খন আসনত অগ্ৰগতি লাভ কৰিছে। কংগ্ৰেছে ইতিমধ্যে ৪খন আসনত জয়লাভ কৰাৰ উপৰি ৯৩ খন আসনত আগবাঢ়ি আছে। জনতা দল ছেকুলাৰে দুখন, আম আদমী পাৰ্টী আৰু হিন্দুস্তানী আবাম মৰ্চা ছেকুলাৰে এখনকৈ আসনত জয়লাভ কৰিছে। কৰ্ণাটকৰ হাভেৰি সমষ্টিৰ পৰা বিজেপিৰ বাসৱৰাজ বোম্মাই বিজয়ী হৈছে। মধ্য প্ৰদেশৰ ইন্দোৰ সমষ্টিৰ পৰা বিজেপি প্রার্থী শংকৰ লালৱানি জয়ী হৈছে। মেঘালয়ৰ তুৰা সমষ্টিত কংগ্ৰেছ দলৰ ছলেং এ চাংমা এন পি পিৰ আগাথা কে ছাংমা...