বীৰ ৰাঘৱ মৰাণৰ ২৮৯ সংখ্যক জয়ন্তী উপলক্ষে ৰাজ্য চৰকাৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ পৃষ্ঠপোষকতাত তিনিচুকীয়া জিলাৰ কাকজানত দুদিনীয়া কাৰ্যসূচীৰে ৰাঘৱ মৰাণ দিৱস উদযাপন কৰা হৈছে। জিলাখনৰ আয়ুক্ত স্বপ্ননীল পালে কাকজানৰ ৰজা বড়োচা সমন্বয় ক্ষেত্র আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। মৰাণ বীৰগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰাৰ লগতে তেওঁ মৰাণ সংগঠনৰ নেতৃবৃন্দ আৰু ৰাইজৰ সৈতেও মত বিনিময় কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি আজি চিত্রাংকন, কবিতা আবৃত্তি, বিহুগীত, কুইজ, তর্ক, বিয়ানাম আদি বিভিন্ন প্রতিযোগিতা অনুষ্ঠিত হয়। কাইলৈ হ’বলগীয়া মুকলি সভাত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰাৰ কথা । ইপিনে, তিনিচুকীয়া জিলাৰ কৰ্দৈগুৰি ডাইচাতো এই দিৱস আজি বিস্তৃত কাৰ্যসূচীৰে পালন কৰা হয়। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত আয়োজিত এই দিৱসত পুৱা পতাকা উত্তোলন আৰু সতীৰ্থ স্মৰণ অনুষ্ঠান অনুষ্ঠিত হয়। বীৰ ৰাঘৱ মৰাণৰ স্মৃতিত ২৮৯ গচি বন্তিও প্ৰজ্বলন কৰা হয়। দিনৰ ভাগত বিভিন্ন সাংস্কৃতিক অনুষ্ঠানৰ লগতে মুকলি সভা অনুষ্ঠিত হয়।
Assamese | November 19, 2024 8:32 PM | Raghv moran divas
তিনিচুকীয়া জিলাৰ কাকজানত দুদিনীয়া কাৰ্যসূচীৰে ৰাঘৱ মৰাণ দিৱস উদযাপন