ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমীৰ পুটিনে ২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব। ৰাষ্ট্রপতি পুটিনে কাইলৈ প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰিব। এই সাক্ষাতৰ সময়ত দুয়োগৰাকী নেতাই পাৰস্পৰিক স্বার্থ জড়িত বিভিন্ন আঞ্চলিক আৰু গোলকীয় বিষয় সন্দৰ্ভত আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্ৰমণৰ সময়ত বাণিজ্য, অর্থনীতি, স্বাস্থ্য যতন, শিক্ষা সংস্কৃতি আদিকে ধৰি বিভিন্ন খণ্ডত কেইবাখনো বুজাবুজিৰ চুক্তি স্বাক্ষৰ হোৱাৰ সম্ভাৱনা আছে। ৰাষ্টপতি শ্রীমতী দ্রৌপদী মুর্মুৱে ৰাছিয়াৰ ৰাষ্ট্ৰপতিগৰাকীক সাক্ষাৎ কৰি দুয়োখন দেশৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ অগ্রগতি সন্দর্ভত পর্যালোচনা কৰিব। ইয়াৰ পূৰ্বে ভাৰত আৰু ৰাছিয়াত সলনাসলনিকৈ ২২ খন এনেধৰণৰ শীর্ষ সম্মিলন অনুষ্ঠিত হৈছিল। ২০০০ চনৰ অক্টোবৰত ভাৰত-ৰাছিয়া কৌশলগত অংশীদাৰিত্ব বিষয়ক ঘোষণা পত্র স্বাক্ষৰিত হোৱাৰ পিছৰে পৰা প্ৰায় সকলোবোৰ ক্ষেত্ৰত দেশ দুখনৰ মাজৰ সম্পর্কই বিশেষভাবে গতি লাভ কৰিছে।
Assamese | December 4, 2025 11:50 AM | Putin
২৩ সংখ্যক ভাৰত-ৰাছিয়া বার্ষিক শীর্ষ সন্মিলনত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে আজি নতুন দিল্লীলৈ আহিব ভ্লাডিমী পুটিন