প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে পূৰ্বে দেশৰ নেতাসকলে বিদেশী ৰাষ্ট্ৰৰ সৈতে সমান দূৰত্ব বজাই ৰখাত বিশ্বাস কৰিছিল, কিন্তু তেওঁ বিশ্বৰ দেশসমূহৰ সৈতে ওচৰ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ কৰে। নতুন দিল্লীত কালি এটা চেনেলে আয়োজন কৰা চালাম ইণ্ডিয়া শীর্ষক এটা কাৰ্যসূচীত ভাষণ দি শ্রী মোদীয়ে কয় যে, দেশৰ বাবে এটা দুৰ্ভাগ্যৰ বিষয় যে নিজ দেশৰ প্ৰধানমন্ত্ৰীয়ে বিদেশী ৰাষ্ট্ৰ ভ্ৰমণলৈ গৈছে নে নাই, সেই বিষয়ে পূর্বেই কোনো লোকেই অৱগত নাছিল। বিৰোধীক আক্ৰমণ কৰি তেওঁ লগতে এই বুলিও অভিযোগ উত্থাপন কৰে যে তেওঁলোকে ভাৰতৰ গণতন্ত্ৰক বদনাম কৰাৰ পৰিকল্পনা কৰি আছে।
Assamese | May 24, 2024 12:10 PM | pm modi world
বিশ্বৰ দেশসমূহৰ সৈতে ওচৰ সম্পৰ্ক বৰ্তাই ৰখাত গুৰুত্ব আৰোপ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ