♦ সমাগত ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ কৰিছে। সম্বলপুৰ বিধানসভা সমষ্টিৰ পৰা জয়নাৰায়ণ মিশ্ৰই প্ৰতিদ্বন্দ্বিতা কৰাৰ বিপৰীতে মানস কুমাৰ দত্তই বালেশ্বৰ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব। চিতাংছু শেখৰ মহাপাত্রই ভদ্ৰক আৰু ক্ৰুছানা চন্দ্ৰ পাত্ৰই ধেনকানাল বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বিতা কৰিব । ইফালে, বিজেপিৰ অজয় নিশাদে কংগ্ৰেছত যোগদান কৰিছে। নতুন দিল্লীত দলৰ নেতা মোহন প্ৰকাশ আৰু পৱন খেৰাৰ উপস্থিতিত অজয় নিশাদে কংগ্ৰেছ দলত যোগদান কৰে। উল্লেখযোগ্য যে, শ্ৰীনিশাদ বিহাৰৰ মুজাফ্ফ্ফৰপুৰৰ সাংসদ আছিল যদিও সমাগত লোকসভা নিৰ্বাচনৰ বাবে বিজেপিয়ে তেওঁক প্রার্থিত্ব প্ৰদান কৰা নাছিল।
Assamese | April 2, 2024 7:13 PM | Assembly Election | BJP | Election 2024 | Odisha
ওড়িশা বিধানসভা নিৰ্বাচনৰ বাবে বিজেপিৰ ১১২ জনীয়া প্রার্থী তালিকা প্রকাশ