December 3, 2025 11:41 AM
102
সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত অসমৰ সাংসদসকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক
● ৰাজ্যৰ সমাগত বিধানসভা নির্বাচন সন্দৰ্ভত আলোচনা কৰাৰ বাবে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি অসমৰ সাংসদসকলৰ সৈতে এখন বৈঠকত মিলিত হয়। নতুন দিল্লীৰ সংসদ ভৱনত থকা প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ত অনুষ্ঠিত এই বৈঠকত অসমৰ সাংসদসকলে ৰাজ্যখনৰ উন্নয়নকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত প্রধানমন্ত্ৰীৰ সৈতে আলোচনা কৰে। প্ৰায় এঘণ্টা ধৰি চলা বৈঠকত কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পবিত্ৰ মাৰ্ঘেৰিটাৰ লগতে ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়া, সাংসদ প্ৰদান বৰুৱা, ৰঞ্জিত দত্ত, ৰামেশ্বৰ তেলী, কৃপানাথ মাল্লা, পৰিমল শ...