♦ নির্বাচন আয়োগে সমাগত লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলোকে সমান সুযোগ প্ৰদানৰ বিষয় লৈ মতামত আগবঢ়োৱা আৰু সমগ্ৰ প্ৰক্ৰিয়াত নজৰ ৰখাৰ বাবে ৬ খন ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ কৰিছে। এই ৰাজ্যকেইখনৰ ভিতৰত পশ্চিমবংগ, উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰ, বিহাৰ, অন্ধ্ৰপ্ৰদেশ আৰু ওড়িশা আছে। বিশেষ পৰ্য্যবেক্ষকসকলক বিশেষকৈ সীমান্তৱৰ্তী এলেকাত গণতান্ত্ৰিক প্ৰক্ৰিয়া বিঘ্নিত কৰিব পৰা যিকোনো প্রয়াস ৰোধ কৰাৰ দায়িত্ব অর্পণ কৰা হৈছে। নিৰ্বাচন আয়োগে অন্ধ্রপ্রদেশ, কর্ণাটক, তামিলনাড়ু, উত্তৰ প্ৰদেশ আৰু ওড়িশাত ধন বলৰ প্ৰয়োগ কৰাৰ বাবে বিশেষ বিত্তীয় পৰ্য্যবেক্ষকো নিয়োগ কৰিছে।
Assamese | April 2, 2024 7:11 PM | Assembly Election | ECI | Elections 2024 | India | Lok Sabha Elections 2024
লোকসভা আৰু বিধানসভা নিৰ্বাচনৰ সময়ত সকলোকে সমান সুযোগ প্ৰদানৰ বাবে নির্বাচন আয়োগৰ ৬ খন ৰাজ্যত বিশেষ পৰ্য্যবেক্ষক নিয়োগ