◊ প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৈছে যে, এন ডি এ চৰকাৰে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণে প্ৰয়াস চলাইছে। বিহাৰৰ জমুইত আজি এখন নির্বাচনী সভাক সম্বোধন কৰি শ্ৰীমোদীয়ে কয় যে, চন্দ্ৰৰ দক্ষিণ গোলাৰ্ধত এখন মহাকাশযান সফলতাৰে অৱতৰণ কৰোৱাৰ ক্ষেত্ৰত ভাৰতেই বিশ্বৰ প্ৰথমখন দেশ হিচাপে পৰিগণিত হৈছে। তেওঁ কয় যে, ভাৰত সম্প্ৰতি বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থনীতি হিচাপেও পৰিগণিত হৈছে। সন্ত্রাসবাদী কাম-কাজত জড়িত তথা এনে কামক উৎসাহিত কৰা সকলক ভাৰতে যথাযোগ্য প্রত্যুতৰ দিছে বুলিও তেওঁ মন্তব্য কৰে। শ্ৰী মোদীয়ে কয় যে, বিহাৰৰ ৰেলৱেত নিযুক্তিৰ বাবে তেওঁলোকৰ ভূমি পঞ্জীয়ন কৰাবলৈ আহ্বান জনোৱাসকলে ৰাজ্যখনৰ যুৱচামৰ বাবে কেতিয়াও কোনো ভাল কাম কৰিব নোৱাৰে।
Assamese | April 4, 2024 7:08 PM
এন ডি এ চৰকাৰে ভাৰতক এখন উন্নত ৰাষ্ট্ৰ হিচাপে গঢ়ি তুলিবলৈ সকলো ধৰণে প্ৰয়াস চলাইছেঃ মোদী