নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুটচ উইলম’ৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্র (আই এছ এছ)ত আবদ্ধ হৈ আছে। অভিযন্তাসকলে তেওঁলোকক পুনৰ পৃথিৱীলৈ লৈ আহিব পৰা বয়িং ষ্টাৰলাইনাৰ মহাকাশযানখন ঠিক কৰাৰ কাম অব্যাহত ৰাখিছে। বিগত ৬ জুনত মহাকাশ কেন্দ্ৰটোত উপস্থিত হোৱা মহাকাশচাৰীসকলে তাত আঠ দিন কটোৱাৰ কথা আছিল। কেন্দ্ৰটোলৈ যাত্ৰাৰ বাটত মহাকাশযানখনত থকা হিলিয়াম ব্যৱস্থাত এটা সূক্ষ্ম আঁসোৱাহ দেখা গৈছিল। মহাকাশ কেন্দ্ৰটোত উপস্থিত হোৱাৰ পৰা বিশ দিনৰ পাছতো নাছা আৰু বয়িং কৰ্তৃপক্ষই এই বিসংগতিৰ মেৰামতি কৰি আছে। বয়িঙৰ এগৰাকী মুখপাত্ৰই জনোৱা অনুসৰি মহাকাশযানখনৰ পূৰ্বে বন্ধ হৈ থকা পাঁচটা থ্রাষ্টাৰৰ ভিতৰত চাৰিটা বৰ্তমান স্বাভাৱিকভাৱে চলি আছে। আমেৰিকাৰ মহাকাশ সংস্থাটোৰ মতে মহাকাশযানখনক অভিযানৰ শেষৰ কামসমূহ সম্পূর্ণ কৰিবলৈ সাত ঘণ্টা সময়ৰ প্ৰয়োজন হয় আৰু মহাকাশ কেন্দ্ৰটোৰ পৰা ওভতনি যাত্ৰাৰ পাতনি মেলাৰ পাছত উৰণৰ কাৰ্যকলাপ সম্পূৰ্ণ কৰাৰ বাবে বৰ্তমান ইয়াৰ টেংকত ৭০ ঘণ্টাৰ বাবে পর্যাপ্ত পৰিমাণৰ হিলিয়াম বাকী আছে।
Assamese | June 27, 2024 11:55 AM | nasa sunita and wilmore
নাছাৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ আৰু বুটচ উইলম’ৰ আন্তঃৰাষ্ট্ৰীয় মহাকাশ কেন্দ্রত আবদ্ধ