ওড়িশাৰ ভূৱনেশ্বৰত অনুষ্ঠিত খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনিষা সোণোৱালে ৰূপৰ পদক অৰ্জন কৰে। মনিষাই য়ুথ শাখাত ১২০ কিলোগ্রাম ওজন দাঙি ৰূপৰ পদক জয় কৰে। আনহাতে ৰেখামণি গগৈয়ে জুনিয়ৰ শাখাত ৰূপ আৰু ছিনিয়ৰ শাখাত ব্ৰঞ্জৰ পদক দখল কৰিবলৈ সমৰ্থ হয়। অসমৰ মৃদুস্মিতা চিত্ৰকৰে ৪০ কিলোগ্রাম য়ুথ শাখাত ৰূপ পদক অর্জন কৰে।
Assamese | July 11, 2024 8:15 PM | Khelo India | SPORTS
খেলো ইণ্ডিয়া মহিলা মাণ্ডলিক ভাৰোত্তোলন চেম্পিয়নশ্বিপত অসমৰ মনিষা সোণোৱালে ৰূপৰ পদক অৰ্জন