April 6, 2024 7:32 PM | Badminton | SPORTS

printer

কাজাখস্তান আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাৰ ছিংগলছত ভাৰতৰ অনুপমা উপাধ্যায় আৰু এম থাকনৰ খিতাপ অৰ্জন

ভাৰতৰ অনুপমা উপাধ্যায় আৰু এম থাকনে কাজাখস্তান আন্তঃৰাষ্ট্ৰীয় বেডমিণ্টন প্ৰতিযোগিতাত মহিলা আৰু পুৰুষৰ ছিংগলছৰ খিতাপ অৰ্জন কৰিছে। অনুপমাই আজি আস্তানাত অনুষ্ঠিত ফাইনেলত সতীৰ্থ খেলুৱৈ ঈষাৰাণী বৰুৱাক ২১-১৫, ২১-১৬ গেমত পৰাস্ত কৰে। আনহাতে থাৰুনে মালয়েছিয়াৰ ছুং জু ৱেনক ২১-১০, ২১-১৯ গেমত পৰাজিত কৰি খেলুৱৈ জীৱনৰ প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় খিতাপ হস্তগত কৰে। অৱশ্যে ভাৰতৰ সঞ্জয় শ্রীৱছ ধনৰাজ আৰু মনিষা কেৰ যুটিতো মিক্সড ডাবলছৰ ফাইনেলত মালেয়েচিয়াৰ ৱোং টিয়েন চি আৰু লিম চিৱ চিয়েনৰ হাতত ২১-৯, ৭-২১, ১২-২১ গেমত পৰাজিত হয়।

অধিক পঢ়ক
সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।