● আই পি এল ক্রিকেট প্রতিযোগিতাত আজি হায়দৰাবাদত ডেলহী কেপিটেলছ- ছানৰাইজাৰ্ছ হায়দাবাদৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ’ব। প্ৰতিযোগিতাত যোৱা নিশা ধৰ্মশালাৰ হিমাচল প্রদেশ ক্রিকেট এছ’চিয়েশ্যন ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত পাঞ্জাৱ কিংছে লক্ষ্ণৌ ছুপাৰ জায়েন্টছক ৩৭ ৰানত পৰাস্ত কৰে। ইপিনে, কালি ইডেন গার্ডেনছত অনুষ্ঠিত প্রথমখন খেলত কলকাতা নাইট ৰাইডাৰ্ছে ৰাজস্থান ৰয়েলছক এক ৰানত পৰাস্ত কৰে।
Assamese | May 5, 2025 4:56 PM | Cricket | IPL 2025 | SPORTS
IPL : সন্ধিয়া ৭.৩০ বজাত ডেলহী কেপিটেলছ বনাম ছানৰাইজাৰ্ছ হায়দাবাদ