ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াই পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অলিম্পিকত ভাগ লোৱাৰ বাবে তেওঁ পঞ্চমগৰাকী মহিলা মল্ল যুঁজাৰু হিচাপে পৰিগনিত হৈছে। ইস্তানবুলত কালি বিশ্ব অলিম্পিক যোগ্যতা নির্ণয়কাৰী ৬৮ কিলোগ্রাম শাখাৰ চেমিফাইনেল খেলত দাহিয়াই ৰোমানিয়াৰ আলেকজেণ্ডা আংঘেলক পৰাস্ত কৰে। যোৱা বছৰৰ এছিয়ান ছেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী নিশাই আংঘেলক ৮-৪ পইণ্টত পৰাস্ত কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে ৫ গৰাকী মহিলা মল্ল যুঁজাৰুৱে অলিম্পিকৰ প্ৰতিযোতাত ভাগ লোৱাৰ সুযোগ লাভ কৰিছে। অন্তিম পংঘল, বিনেশ ফোগট, অনশু মালিক আৰু ৰিতীকা হুডাই ইতিমধ্যে অলিম্পিকত তেওঁলোকৰ স্থান নিশ্চিত কৰিছে।
Assamese | May 11, 2024 4:47 PM | Indian woman wrestler | Nisha Dahiya | Olympics | Paris Olympics | SPORTS
পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াৰ