October 31, 2024 12:21 PM

views 58

ভাৰতৰ মানসী অহলাবটৰ আলবেনিয়াত অনুষ্ঠিত ২৩ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন

ভাৰতৰ মানসী অহলাবটে আলবেনিয়াৰ তিৰানাত অনুষ্ঠিত ২৩ বছৰৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ মহিলাৰ ৫৯ কিলোগ্রাম ওজন শাখাত ব্ৰঞ্জৰ পদক অৰ্জন কৰিছে। মানসীয়ে কালি কোৱাৰ্টাৰ ফাইনেলত ২৩ বছৰ অনুৰ্ধৰ বিশ্ব মল্লযুদ্ধ প্রতিযোগিতাৰ সোণৰ পদক বিজেতা সোলমিয়া ভিন্নিক ৪-০ ফলাফলত পৰাস্ত কৰে।

May 11, 2024 4:47 PM

views 60

পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াৰ

ভাৰতীয় মহিলা মল্ল যুঁজাৰু নিশা দাহিয়াই পেৰিছ অলিম্পিকৰ বাবে যোগ্যতা অৰ্জন কৰিছে। অলিম্পিকত ভাগ লোৱাৰ বাবে তেওঁ পঞ্চমগৰাকী মহিলা মল্ল যুঁজাৰু হিচাপে পৰিগনিত হৈছে। ইস্তানবুলত কালি বিশ্ব অলিম্পিক যোগ্যতা নির্ণয়কাৰী ৬৮ কিলোগ্রাম শাখাৰ চেমিফাইনেল খেলত দাহিয়াই ৰোমানিয়াৰ আলেকজেণ্ডা আংঘেলক পৰাস্ত কৰে। যোৱা বছৰৰ এছিয়ান ছেম্পিয়নশ্বিপত ৰূপৰ পদক বিজয়ী নিশাই আংঘেলক ৮-৪ পইণ্টত পৰাস্ত কৰে। এইবাৰ প্ৰথমবাৰৰ বাবে ৫ গৰাকী মহিলা মল্ল যুঁজাৰুৱে অলিম্পিকৰ প্ৰতিযোতাত ভাগ লোৱাৰ সুযোগ লাভ কৰিছে। অন্তিম পংঘল, বিন...