সমাগত স্বাধীনতা দিৱস উপলক্ষে দেশজুৰি আয়োজিত হ’বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী অসমতো ৰূপায়ণ কৰা হ’ব। কালি সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী বিমল বৰাৰ সভাপতিত্বত দিছপুৰৰ জনতা ভৱনত আয়োজিত এখন সভাত কাৰ্যসূচীসমূহ চূড়ান্ত কৰাৰ লগতে পর্যালোচনাও কৰা হয়। সভাত অহা ১৩ আগষ্টৰ পৰা ১৫ আগষ্টলৈ আয়োজিত হ’ব লগা ঘৰে ঘৰে ত্রিৰংগা কাৰ্যসূচীত গ্ৰামীণ জীৱিকা অভিযানৰ বিষয়াসকলক জীৱিকা সখীৰ দ্বাৰা সমগ্ৰ ৰাজ্যতে স্কুটী ৰেলী অনুষ্ঠিত কৰাৰ বাবে নিৰ্দেশ দিয়া হয়। সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত অহা ১৩ আগষ্টত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত ত্ৰিৰংগ সমলয় শীর্ষক দেশপ্রেমমূলক গীতৰ এটা অনুষ্ঠান আয়োজন কৰা হ’ব। এই অনুষ্ঠানতে চৰকাৰী চাৰু কাৰু কলা মহাবিদ্যালয়ে দেশপ্ৰেম আৰু বিকশিত অসমক বিষয়বস্তু হিচাপে অঁকা এখন বৃহৎ ত্রিৰংগ কেনভাছ প্ৰদৰ্শন কৰাৰ লগতে অন্য এখন ডাঙৰ কেনভাচত ঘৰে ঘৰে ত্রিৰংগ আৰু জয় হিন্দ বুলি উপস্থিত সকলোৱে লিখিব। এই অনুষ্ঠানত সাংস্কৃতিক মন্ত্রী বিমল বৰা উপস্থিত থাকিব। আনহাতে এই সভাত জনসংযোগ বিভাগক ঘৰে ঘৰে ত্ৰিৰংগ বাৰ্তা প্ৰচাৰৰ বাবে হৰ্ডিং লগোৱাৰ লগতে টেলিভিছন যোগে এই সন্দৰ্ভত প্ৰচাৰ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। গুৱাহাটী পৌৰ নিগমৰ সকলো ব্যৱসায়িক প্রতিষ্ঠানতে ত্রিৰংগ পতাকা উত্তোলনৰ বাবে লগতে পাৰিলে অন্যকো একোখন জাতীয় পতাকা আগবঢ়োৱাৰ বাবে আহ্বান জনাবলৈ নিৰ্দেশ দিয়া হয়।
Assamese | August 10, 2024 1:04 PM | Har Ghar Tiranga
অসমতো দেশজুৰি আয়োজিত হ’বলগীয়া ঘৰে ঘৰে ত্ৰিৰংগ কাৰ্যসূচী ৰূপায়ণ