ৰাজ্যৰ বিজ্ঞান প্রযুক্তি মন্ত্ৰী কেশৱ মহন্তই আজি গুৱাহাটীৰ অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিবেশ পৰিষদ-এছ টেকৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত পৰিষদৰ ত্ৰয়োদশ পৰিচালনা সমিতিৰ বৈঠকত অধ্যক্ষতা কৰে। এই বৈঠকত পৰিষদৰ বিভিন্ন কাৰ্যসূচী সম্পৰ্কে বিতংকৈ আলোচনা কৰি প্ৰয়োজনীয় সিদ্ধান্ত লোৱা হয়। এই সভাত তৃণমূল পৰ্যায়লৈকে এছ টেকৰ কাম-কাজ সক্রিয়ভাৱে আগবঢ়াই নিয়াৰ বাবে নিৰ্দেশ দিয়া হয়। তদুপৰি প্ৰস্তাৱিত জলবায়ু পৰিৱৰ্তন কেন্দ্ৰ, মহাকাশ গৱেষণাগাৰকে ধৰি কেইবাটাও বিষয় সম্পর্কে আলোচনা কৰা হয়। পৰিষদৰ মানৱ সম্পদ বিকাশ আৰু শৈক্ষিক উত্তৰণৰ দিশটো এই সভাত আলোচনা কৰা হয়। এই অনুষ্ঠানত ৰাজ্য চৰকাৰৰ বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা বিভাগৰ সচিব পল্লৱ গোপাল ঝা, উত্তৰ-পূব বিজ্ঞান প্ৰযুক্তি প্ৰতিষ্ঠানৰ সঞ্চালক ড০ বীৰেন্দ্ৰ তিৱাৰীকে ধৰি ভালেসংখ্যক ব্যক্তি উপস্থিত থাকে।
Assamese | April 12, 2025 8:51 PM | guwahati asstech kechab mahanta
গুৱাহাটীৰ অসম ৰাজ্যিক বিজ্ঞান প্ৰযুক্তি আৰু পৰিৱেশ পৰিষদৰ মুখ্য কাৰ্যালয়ত মন্ত্ৰী কেশৱ মহন্তৰ অধ্যক্ষতাত ত্ৰয়োদশ পৰিচালনা সমিতিৰ বৈঠক