চি বি আয়ে প্ৰাক্তন ৰে’লমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ লোকসকল জড়িত থকা বহু চৰ্চিত ভূমিৰ বিনিময়ত চাকৰি কেলেংকাৰিৰ চূড়ান্ত অভিযোগনামা আদালতত দাখিল কৰিছে। বিশেষ আদালতে এই অভিযোগনামা সন্দৰ্ভত ৬ জুলাইত বিবেচনা কৰিব। ইয়াৰ পূৰ্বে যোৱা বছৰৰ ৪ অক্টোবৰত আদালতে প্ৰাক্তন ৰে’ল মন্ত্ৰী লালু প্রসাদ যাদৱ, তেওঁৰ পত্নী ৰাবৰি দেৱী, তেওঁৰ পুত্ৰ তথা বিহাৰৰ প্ৰাক্তন উপ-মুখ্যমন্ত্রী তেজস্বী যাদৱকে ধৰি অন্যান্যসকলক জামিন মঞ্জুৰ কৰিছিল। আন এটা গোচৰত চি বি আয়ে ভাৰত ৰাষ্ট্ৰ সমিতিৰ নেতা কে কবিতাৰ বিৰুদ্ধে দিল্লী আবকাৰী নীতি গোচৰত এখন সম্পূৰক অভিযোগনামাও দাখিল কৰে। বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই ৬ জুলাইত এই গোচৰৰ শুনানিৰ দিন ধাৰ্য কৰে। আদালতে কে কবিতাৰ ন্যায়িক জিম্মাৰ ম্যাদ ২১ জুনপর্যন্ত বৃদ্ধি কৰিছে।
Assamese | June 8, 2024 6:42 PM | former railway minister Lalu Prasad | his family members
প্ৰাক্তন ৰে’লমন্ত্ৰী লালু প্ৰসাদ যাদৱ আৰু তেওঁৰ পৰিয়ালৰ কেলেংকাৰিৰ চূড়ান্ত অভিযোগনামা আদালতত দাখিল চিবিআইৰ