প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত কেইটামান বছৰত দেশত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে আৰু ই গ্ৰামাঞ্চলৰ উদ্যমীসকলৰ সৱলীকৰণত উল্লেখনীয় ভূমিকা পালন কৰা বুলি মন্তব্য কৰিছে। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে এখন দৈনিক বাতৰি কাকতত লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰীগৰাকীয়ে তেওঁৰ প্ৰৱন্ধত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতত আমূল পৰিৱৰ্তনৰ সূচনা হোৱা বুলি উল্লেখ কৰিছে। প্ৰৱন্ধটোত খাদ্য প্ৰসংস্কৰণ খণ্ডত বিশেষকৈ কৃষি ঔদ্যোগিক ক্ষেত্ৰত সৰ্বাত্মক বিকাশ হোৱা বুলি উল্লেখ কৰা হৈছে।
Assamese | June 24, 2025 8:48 PM | Food Processing
দেশত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে আৰু ই গ্ৰামাঞ্চলৰ উদ্যমীসকলৰ সৱলীকৰণত উল্লেখনীয় ভূমিকা পালন কৰা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ