June 24, 2025 8:48 PM

views 41

দেশত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে আৰু ই গ্ৰামাঞ্চলৰ উদ্যমীসকলৰ সৱলীকৰণত উল্লেখনীয় ভূমিকা পালন কৰা বুলি প্ৰধানমন্ত্ৰীৰ প্ৰকাশ

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিগত কেইটামান বছৰত দেশত খাদ্য প্ৰসংস্কৰণ খণ্ডৰ আমূল পৰিৱৰ্তন হৈছে আৰু ই গ্ৰামাঞ্চলৰ উদ্যমীসকলৰ সৱলীকৰণত উল্লেখনীয় ভূমিকা পালন কৰা বুলি মন্তব্য কৰিছে। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰী চিৰাগ পাছোৱানে এখন দৈনিক বাতৰি কাকতত লিখা এটা প্ৰৱন্ধ শ্বেয়াৰ কৰি শ্ৰীমোদীয়ে আজি এইদৰে প্ৰকাশ কৰে। খাদ্য প্ৰসংস্কৰণ উদ্যোগ মন্ত্ৰীগৰাকীয়ে তেওঁৰ প্ৰৱন্ধত প্ৰধানমন্ত্ৰী মোদীৰ নেতৃত্বত ভাৰতত আমূল পৰিৱৰ্তনৰ সূচনা হোৱা বুলি উল্লেখ কৰিছে। প্ৰৱন্ধটোত খাদ্য প্ৰসংস্কৰণ খণ্ডত বিশেষকৈ কৃষি ঔদ্...

May 11, 2024 5:21 PM

views 36

খাদ্য সামগ্ৰীত প্ৰয়োগ কৰা কীটনাশকৰ পৰিমাণৰ ক্ষেত্ৰত ভাৰতৰ মান গোলকীয় পৰ্যায়ৰঃ চৰকাৰ

কেন্দ্ৰীয় চৰকাৰে খাদ্য সামগ্ৰীত প্ৰয়োগ কৰা কীটনাশকৰ পৰিমাণৰ ক্ষেত্ৰত ভাৰতৰ মান গোলকীয় পৰ্যায়ৰ আৰু ভিন ভিন খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত বেলেগ বেলেগ মাত্রাত কীটনাশক প্ৰয়োগ কৰা হয় বুলি স্পষ্ট কৰি দিছে। ভাৰতীয় খাদ্য সুৰক্ষা আৰু মানক প্ৰাধীকৰণে বনৌষধি আৰু মছলাৰ ক্ষেত্ৰত ১০ গুণ অধিক কীটনাশক প্ৰয়োগৰ অনুমতি প্রদান কৰে বুলি দাবী কৰি একাংশ সংবাদ মাধ্যমযোগে বাতৰি প্ৰচাৰ হোৱাৰ পাছতে কেন্দ্ৰীয় চৰকাৰে এইদৰে স্পষ্টীকৰণ দিছে। কীটনাশক আইন, ১৯৬৮ ৰ অধীনত গঠন কৰা কেন্দ্ৰীয় কীটনাশক ব'ৰ্ড আৰু পঞ্জীয়ন সমিতিৰ জৰি...