July 5, 2025 8:15 PM | debrabata saikia

printer

কংগ্ৰেছৰ পাঁচজনীয়া এটা সজাতি দলৰ ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ

বিধানসভাত বিৰোধী পক্ষৰ নেতা দেৱব্ৰত শ‍ইকীয়াৰ নেতৃত্বত আজি কংগ্ৰেছৰ পাঁচজনীয়া এটা সজাতি দলে ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচাৰ্যক সাক্ষাৎ কৰে। শেহতীয়াকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তত চলি থকা উচ্ছেদৰ সন্দৰ্ভত দলটোৱে ৰাজ্যপালক স্মাৰক-পত্ৰ প্ৰদান কৰে। ৰাজ্যপালক সাক্ষাৎ কৰি সাংবাদিকৰে হোৱা কথা-বতৰাত তেওঁ কয় যে সোণাপুৰৰ কচুতলিৰ পৰা ধুবুৰীলৈকে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যিসমূহ উচ্ছেদ কার্য চলি আছে, সেয়া কোনো কাৰণতে সমর্থনযোগ্য নহয়। উচ্ছেদৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ নিৰ্দিষ্ট নীতি-নির্দেশনা আছে বুলি উল্লেখ কৰি দেৱব্ৰত শ‍ইকীয়াই কয় যে এই নীতি-নির্দেশনা সম্পূৰ্ণৰূপে অৱমাননা কৰি উচ্ছেদ চলাই থকা হৈছে। এই সমগ্ৰ বিষয়টোত ৰাজ্যপালৰ হস্তক্ষেপ দাবী কৰে সজাতি দলটোৱে। দেৱব্ৰত শ‍ইকীয়াই লগতে কয় যে নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে উচ্ছেদ কৰিলে কাৰো একো আপত্তি নাথাকে। উচ্ছেদৰ জাননী প্ৰেৰণ কৰাৰ এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰতহে প্রশাসনে উচ্ছেদ চলাব পাৰে। কিন্তু বিজেপি চৰকাৰৰ নেতৃত্বত প্ৰশাসনে এনে নীতি- নিয়ম মান নচলাকৈ উচ্ছেদ অভিযান অব্যাহত ৰাখিছে।