নতুন দিল্লীত কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক চলি আছে। এই বৈঠকত কংগ্ৰেছৰ সভাপতি মল্লিকার্জুন খাৰ্গে, জ্যেষ্ঠ নেতা ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু দলৰ সাধাৰণ সম্পাদক প্রিয়ংকা গান্ধী ৱাদ্ৰাকে ধৰি দলীয় নেতাসকল উপস্থিত আছে। শেহতীয়া লোকসভা নিৰ্বাচনত দলৰ প্ৰদৰ্শনক লৈ আলোচনা কৰাৰ বাবে এই বৈঠক আহ্বান কৰা হৈছে। ৱাৰ্কিং কমিটিৰ বৈঠকৰ পাছত আজি সন্ধিয়া কংগ্ৰেছ সংসদীয় দলৰ বৈঠক অনুষ্ঠিত হ’ব। দলৰ নৱনিৰ্বাচিত লোকসভাৰ সাংসদসকলৰ লগতে ৰাজ্যসভাৰ সাংসদসকলো এই বৈঠকত উপস্থিত থাকিব।
Assamese | June 8, 2024 2:45 PM | Congress | Delhi | Lok Sabha Elections 2024 | Political
দিল্লীত কংগ্ৰেছ ৱাৰ্কিং কমিটিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক