
মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ড০ শৰ্মাই দেশৰ দ্রুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সৈতে এইয়া আছিল ড০ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ।

সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্রীমতী মুৰ্মুক সাহস, ধৈৰ্য্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত-বিনিময় কৰাটো সদায়ে এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলিও তেওঁ কয়। সাক্ষাৎকালত ড০ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্বগ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে।

ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্রীয় শিক্ষা মন্ত্রী ধর্মেন্দ্র প্রধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্রতিষ্ঠান, আই আই এম স্থাপনৰ কাম-কাজ দ্রুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ড° শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ড° শর্মাই কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদাৰ সৈতেও আলোচনাত মিলিত হয়।