খেল

May 2, 2024 12:12 PM

views 109

IPL: সন্ধিয়া ৭.৩০ বজাত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব

♦ আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজি হায়দাবাদত হ’বলগীয়া এখন খেলত ৰাজস্থান ৰয়েলছ ছানৰাইজাৰ্ছ হায়দাবাদৰ সন্মুখীন হ’ব। খেলখন সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। ৰাজস্থান ৰয়েলছ বৰ্তমানলৈকে খেলা ৯খন খেলৰ ভিতৰত ৮খনত জয়লাভ কৰি প্ৰতিযোগিতাৰ পইণ্ট তালিকাত শীৰ্ষত আছে। আনহাতে হায়দাবাদে ৯খন খেলৰ ভিতৰত পাঁচখনত জ...

May 1, 2024 8:06 PM

views 59

আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ

আই পি এল ক্রিকেট প্রতিযোগিতাত কিছু সময়ৰ পাছত চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত পাঞ্জাব কিংছ, চেন্নাই ছুপাৰ কিংছৰ বিৰুদ্ধে অৱতীৰ্ণ হৈছে। চেন্নাই ছুপাৰ কিংছ বর্তমান প্রতিযোগিতাৰ পইণ্ট তালিকাত চতুৰ্থ স্থানত আৰু পাঞ্জাৱ কিংছ অষ্টম স্থানত আছে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ...

May 1, 2024 1:12 PM

views 94

ভাৰতত অনুষ্ঠিত হ’ব ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপ

ভাৰতে ২০২৪ বৰ্ষৰ বি ডব্লিউ এফ বিশ্ব জুনিয়ৰ বেডমিণ্টন চেম্পিয়নশ্বিপৰ আয়োজন কৰিব। গুৱাহাটীৰ নেশ্যনেল চেণ্টাৰ অব এক্সিলেন্সত এই প্রতিযোগিতাৰ আয়োজন কৰা হ'ব। বেডমিণ্টন ৱৰ্ল্ড ফেডাৰেশ্যন বি ডব্লিউ এফৰ সভাপতি প'ল এৰিক হোয়ৰে কৈছে যে ভাৰতত যুৱ বেডমিণ্টন প্রতিভাৰ উত্থান ঘটা পৰিলক্ষিত হৈছে। তেওঁ লগতে কয় ...

May 1, 2024 1:08 PM

views 60

আই পি এল ক্রিকেটঃ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৪ উইকেটত জয়ী লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ

লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱা নিশা লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত আই পি এল ক্রিকেট প্রতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানছক ৪ উইকেটত পৰাস্ত কৰে। লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে ১৪৫ ৰাণৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৯ অভাৰ আৰু দুটা বলত ছটা উইকেট হেৰুৱাই নিৰ্দ্ধাৰিত লক্ষ্যত উপনীত হয়। লক্ষ্ণৌৰ...

May 1, 2024 1:06 PM

views 60

পাঁচখনীয়া টি-২০ মহিলা ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত বাংলাদেশৰ বিৰুদ্ধে ভাৰতৰ জয়লাভ

ভাৰতীয় মহিলা ক্রিকেট দলে কালি চিলেট আন্তঃৰাষ্ট্ৰীয় ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ দ্বিতীয়খন খেলত ঘৰুৱা দল বাংলাদেশক ডাক-ৱৰ্থ লুইছ পদ্ধতিৰ সহায়ত ১৯ ৰাণত পৰাস্ত কৰে। খেলখনত বাংলাদেশে টছত জিকি প্রথমে বেট ধৰাৰ সিদ্ধান্ত লৈ নিৰ্ধাৰিত ২০ অভাৰত আটাইকেইটা উইকেট হেৰুৱাই ১১৯...

April 30, 2024 7:34 PM

views 78

আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দল ঘোষণা

ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ বোর্ডে, ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত অনুষ্ঠিত হ'বলগীয়া আই চি চি পুৰুষৰ টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় ১৫ জনীয়া দলটো ঘোষণা কৰিছে। ৰোহিত শৰ্মাই দলটোক নেতৃত্ব দিব আৰু হাৰ্দিক পাণ্ডিয়াক উপ-অধিনায়ক হিচাপে নিযুক্তি দিয়া হৈছে। দলটোত স্থান লাভ কৰা বাকী সদস্যসকল হৈছে- যশস্বী জ...

April 30, 2024 7:06 PM

views 58

আই পি এল ক্রিকেটত আজি লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ আৰু মুম্বাই ইণ্ডিয়ানছৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছ মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত অনুষ্ঠিত হ'ব। ইপিনে, কলকাতা নাইট ৰাইডাৰ্ছে যোৱানিশা কলকাতাৰ ইডেন গার্ডেনছত অনুষ্ঠিত এখন খেলত দেলহী কেপিটেলছক ৭ উইকেটত প...

April 30, 2024 11:13 AM

views 71

আই পি এল ক্রিকেটত দেলহী কেপিটেলছৰ বিৰুদ্ধে কলকাতা নাইট ৰাইডার্ছৰ জয়লাভ

আই পি এল ক্রিকেট প্রতিযোগিতাত কলকাতাৰ ইডেন গার্ডেনছত কালি অনুষ্ঠিত এখন খেলত কলকাতা নাইট ৰাইডার্ছে দেলহী কেপিটেলছক ৭ উইকেটত পৰাস্ত কৰিছে। টছত জয়ী হৈ প্ৰথমে বেট ধৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা দেলহী কেপিটেলছে নিৰ্ধাৰিত ২০ অভাৰত ৯টা উইকেট হেৰুৱাই ১৫৩ ৰান সংগ্ৰহ কৰে। নিৰ্ধাৰিত লক্ষ্য অনুসৰণ কৰি কলকাতা নাইট ...

April 29, 2024 6:32 PM

views 57

বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টনত ইংলেণ্ডৰ বিৰুদ্ধে ৫-০ ফলাফলত জয় ভাৰতীয় পুৰুষ দলৰ, কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত

বি ডব্লিউ এফ থমাছ আৰু উবেৰ কাপ বেডমিণ্টন ২০২৪ত ভাৰতীয় পুৰুষ দলে গ্রুপ-চিৰ খেলত ইংলেণ্ড দলৰ বিৰুদ্ধে ৫-০ ফলাফলত জয়লাভ কৰি কোৱাৰ্টাৰ ফাইনেলত স্থান নিশ্চিত কৰে। প্ৰতিযোগিতাৰ প্ৰথমখন খেলত থাইলেণ্ড দলক পৰাস্ত কৰা ভাৰতীয় পুৰুষ দলটোৱে এতিয়া গ্ৰুপৰ বিজয়ী নির্ণায়ক খেলত ইণ্ডোনেছিয়াৰ মুখামুখি হ'ব। আনহাত...

April 29, 2024 6:30 PM

views 48

ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলৰ এতিয়ালৈ ৫টা সোণসহ মুঠ ৮টা পদক লাভ

ছাংহাইত অনুষ্ঠিত আৰ্চাৰী বিশ্বকাপত ভাৰতীয় দলটোৱে বৰ্তমানলৈকে ৫টা সোণ, ২টা ৰূপ আৰু ১টা ব্ৰঞ্জসহ মুঠ ৮ টা পদক লাভ কৰিছে। পুৰুষৰ ৰিকাৰ্ভ শাখাত ভাৰতীয় খেলুৱৈত্ৰয় ক্রমে ধীৰাজ বোম্বাদেৱড়া, তৰুণদেৱ ৰয় আৰু প্ৰবীন যাদৱে দক্ষিণ কোৰিয়াক হৰুৱাই সোণৰ পদক লাভ কৰে। বিশ্বকাপ ফাইনেলত ভাৰতীয় পুৰুষৰ ৰিকাৰ্ভ দলৰ...