আই পি এল ক্রিকেট প্রতিযোগিতাৰ আজিৰ প্ৰথমখন খেলত চেন্নাই ছুপাৰ কিংছে পাঞ্জাব কিংছক ২৮ ৰানত পৰাজিত কৰিছে। ধৰ্মশালাৰ হিমাচল প্রদেশ ক্রিকেট ষ্টেডিয়ামত অনুষ্ঠিত খেলখনত চেন্নাই ছুপাৰ কিংছে প্রথমে বেট ধৰি নিৰ্ধাৰিত ২০ অভাৰত ৯ উইকেটৰ বিনিময়ত ১৬৭ ৰান সংগ্ৰহ কৰে। দলৰ হৈ ৰবীন্দ্ৰ জাদেজাই ২৬ টা বলত সৰ্বাধিক ৪৩ ৰান কৰে। পাঞ্জাব দলৰ হৈ ৰাহুল চাহাৰ আৰু হৰ্ম্মল পেটেলে ৩ টাকৈ উইকেট দখল কৰে। প্ৰত্যুত্তৰত পাঞ্জাব কিংছে নিৰ্ধাৰিত অভাৰত ৯টা উইকেট হেৰুৱাই ১৩৯ ৰানহে কৰিবলৈ সক্ষম হয়। প্রতিযোগিতাৰ আজিৰ দ্বিতীয়খন খেলত কিছু সময় পাছতে লক্ষ্ণৌৰ একানা ক্রিকেট ষ্টেডিয়ামত কলকাতা নাইট ৰাইডাৰ্ছ, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ সন্মুখীন হ’ব।
Assamese | May 5, 2024 8:48 PM | IPL Cricket
আই পি এল ক্রিকেটঃ পাঞ্জাব কিংছৰ বিৰুদ্ধে চেন্নাই ছুপাৰ কিংছৰ ২৮ ৰানত জয়লাভ