আঞ্চলিক সংবাদ

November 8, 2025 12:32 PM

views 174

গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু সতী ৰাধিকা উদ্যান উদ্বোধন কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমনৰ

কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি সন্ধিয়া উজান বজাৰত ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ সতী ৰাধিকা শান্তি উদ্যান আৰু পাণবজাৰৰ গে'টৱে অব্ গুৱাহাটীৰ অত্যাধুনিক ফেৰী টার্মিনেল আৰু জেটি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। ৬৩২ কোটি টকা ব্যয়সাপেক্ষে এই প্রকল্প দুটা নিৰ্মাণ কৰা হৈছে। ব্ৰহ্মপুত্ৰৰ পাৰৰ সুৰক্ষা...

November 8, 2025 12:30 PM

views 57

অহা জানুৱাৰীত গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী দলং মুকলি কৰা হ’বঃ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

অহা জানুৱাৰীত গুৱাহাটী আৰু উত্তৰ-গুৱাহাটী সংযোগী দলং মুকলি কৰা হ'ব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়, যে এই দলঙে গুৱাহাটীৰ সৌন্দৰ্য বৰ্ধনৰ লগতে যাতায়াত ব্যৱস্থালৈ নতুন পৰিৱৰ্তন আনিব। এই নতুন প্রকল্পসমূহে গুৱাহাটীক কেৱল উত্তৰ-পূব ভাৰতৰে নহয়, বৰং দক্ষিণ-পূব এছিয়াৰ দুৱাৰমুখ হিচাপে গঢ়ি তুলিব বুলিও...

November 8, 2025 12:24 PM

views 65

জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনৰ

দুদিনীয়া ভ্ৰমণসূচীৰ প্ৰথম দিনা কেন্দ্ৰীয় বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমনে কালি আবেলি জাগীৰোডৰ ছেমিকণ্ডাক্টৰ প্ৰকল্প পৰিদৰ্শন কৰি প্ৰকল্পটোৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে বুজ লয়। অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ সামগ্রিক দৃশ্যপট সলনি কৰিবলৈ অগ্ৰসৰ হোৱা জাগীৰোডৰ এই প্ৰকল্প পৰিদৰ্শন কৰি তেওঁ সন্তুষ্টি প্ৰকাশ কৰে।...

November 8, 2025 12:23 PM

views 44

গুৱাহাটীৰ লাচিতঘাটত কাইলৈ দুপৰীয়া ১২.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এয়াৰ শ্ব’

৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব' অর্থাৎ‍ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ'ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফ...

November 8, 2025 12:22 PM

views 57

নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ৰ ৫,৫৫০টা শিক্ষক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফল ঘোষণা

প্রাথমিক শিক্ষা সঞ্চালকালয়ে কালি নিম্ন আৰু উচ্চ প্রাথমিক বিদ্যালয়ত খালী হৈ থকা ৫ হাজাৰ ৫৫০টা শিক্ষক পদৰ নিযুক্তি পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা কৰে। উচ্চ প্রাথমিক শিক্ষক পদত এহেজাৰ ২৯৯ গৰাকী আৰু নিম্ন প্রাথমিক শিক্ষক পদত দুহেজাৰ ৯৮০ গৰাকী প্ৰাৰ্থী উত্তীৰ্ণ হৈছে। বিভিন্ন কাৰণত প্রায় ২ বছৰ এই শিক্ষক নিযু...

November 8, 2025 12:21 PM

views 46

বিশিষ্ট লেখক, আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন দত্তলৈ অনুপম কুমাৰ অনুবাদ সাহিত্য বঁটা

বিশিষ্ট লেখক তথা আকাশবাণী গুৱাহাটীৰ অৱসৰপ্ৰাপ্ত বিষয়া তপন দত্তলৈ এই বছৰৰ অনুপম কুমাৰ অনুবাদ সাহিত্য বঁটা আগবঢ়োৱা হৈছে। লিজেণ্ড অফ লাচিত বৰফুকন নামৰ মূল ইংৰাজী গ্ৰন্থখনৰ অসমীয়া অনুবাদৰ বাবে তেওঁক এই বঁটাৰ বাবে বাছনি কৰা হৈছিল। এই বঁটাত আছে এটা স্মাৰক, প্ৰশস্তি পত্ৰ আৰু ২৫ হাজাৰ টকা।  

November 8, 2025 12:20 PM

views 67

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কেইগৰাকীমান প্ৰাক্তন সাংবাদিক-সংবাদকর্মীৰ সৈতে আজিৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ'ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ'ল। কিন্তু তেওলোকে আ...

November 8, 2025 12:18 PM

views 60

ব্ৰীছবেনত আজি ভাৰত-অষ্ট্ৰেলিয়াৰ টী-২০ শৃংখলাৰ অন্তিমখন খেল

ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজৰ পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল আজি ব্ৰীছবেনৰ গাববাত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ১ বাজি ৪৫ মিনিটত আৰম্ভ হ'ব। ভাৰতে যোৱা বৃহস্পতিবাৰে কুইন্সলেণ্ডত অনুষ্ঠিত চতুৰ্থখন খেলত অষ্ট্ৰেলিয়াক ৪৮ ৰানত পৰাস্ত কৰি শৃংখলাটোত ২-১ৰ অগ্ৰগতি লাভ কৰ...

November 7, 2025 8:08 PM

views 36

মঙলদৈত শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱস্থলীত কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টি

ৰাষ্ট্ৰীয় কৰ্কট সজাগতা দিৱস উপলক্ষে আজি মঙলদৈৰ সনাতন ধর্মসভা প্ৰাঙ্গনত চলি থকা শ্ৰীশ্ৰীকৃষ্ণ ৰাস মহোৎসৱস্থলীত বিভিন্ন ধৰণৰ কৰ্কট ৰোগৰ বিষয়ে সজাগতা সৃষ্টিৰ প্ৰয়াস কৰা হয়। মহিলাৰ স্তন আৰু জৰায়ু মুখৰ কৰ্কট ৰোগকে ধৰি বিভিন্ন কৰ্কট ৰোগৰ লক্ষণ, প্ৰতিৰোধ, চিকিৎসা আদিৰ বিষয়ে ৰাইজক অৱগত কৰোৱা হয় ৷ দৰং...

November 7, 2025 8:05 PM

views 55

কাৰ্বি আংলং জিলাৰ ডিফুত বৃত্তিগত পাঠ্যক্ৰম সন্দৰ্ভত মাণ্ডলিক প্ৰদৰ্শনী

কাৰ্বি আংলং জিলাৰ ডিফুৰ উদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানত আজি দিনযোৰা কাৰ্যসূচীৰে বৃত্তিগত পাঠ্যক্ৰম সন্দৰ্ভত মাণ্ডলিক প্ৰদৰ্শনীৰ আয়োজন কৰা হয়। ডিফুকে ধৰি জিলাখনৰ বিভিন্ন শিক্ষানুষ্ঠানৰ ছশৰো অধিক ছাত্র ছাত্ৰীয়ে ইয়াত অংশগ্ৰহণ কৰা এই কাৰ্যসূচীত ড০ ভূপেন হাজৰিকা আঞ্চলিক ফিল্ম আৰু চিলিভিছন প্ৰতিষ্ঠানৰ ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।