আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ ৬৯ বছৰীয়া ইতিহাসত বহুকেইগৰাকী সাংবাদিক আৰু সংবাদকর্মীয়ে বিভাগটোলৈ সেৱা আগবঢ়াই গৈছে। জীৱন আৰু জীৱিকাৰ সন্ধানত অথবা সাংসাৰিক প্ৰয়োজনত পৰৱৰ্তী কালত এওঁলোকৰ বহুকেইগৰাকীয়ে আন ক্ষেত্ৰলৈ যাবলগীয়া হ’ল আৰু নিজ নিজ ক্ষেত্ৰত প্রসিদ্ধি লাভ কৰিবলৈ সমৰ্থ হ’ল। কিন্তু তেওলোকে আজিও বুকুত কঢ়িয়াই ফুৰিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ সুমধুৰ স্মৃতি। আজি নিশা ৮ বাজি ২ মিনিটৰ দৃষ্টিপাতত আকাশবাণীৰ ষ্টুডিঅ’ত তেওঁলোকে ব্যক্ত কৰিব নিজ নিজ অভিজ্ঞতা আৰু উপলব্ধি। অনুষ্ঠানটোৰ পৰিকল্পনা, প্রযোজনা আৰু উপস্থাপন আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰব্বী ৰাজীৱ লোচন বৰঠাকুৰৰ৷
Assamese | November 8, 2025 12:20 PM | Dristipat
আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগৰ কেইগৰাকীমান প্ৰাক্তন সাংবাদিক-সংবাদকর্মীৰ সৈতে আজিৰ ‘দৃষ্টিপাত’ অনুষ্ঠান