৯৩ সংখ্যক বায়ু সেনা দিৱস উপলক্ষে গুৱাহাটীৰ লাচিত ঘাটত কাইলৈ আয়োজিত কেন্দ্ৰীয় অনুষ্ঠানত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে অংশগ্ৰহণ কৰিব। এই অনুষ্ঠানৰ অংশ হিচাপে দুপৰীয়া চাৰে ১২ বজাৰ পৰা দিনৰ দুই বজালৈ এয়াৰ শ্ব’ অর্থাৎ যুদ্ধ বিমানৰ উৰণ কৌশল প্ৰদৰ্শন কৰা হ’ব। কেন্দ্ৰীয়ভাৱে আয়োজিত এই এয়াৰ শ্বত ৰাফেল, মিগ, ছুখয় আদিৰ দৰে ৭৫খন বিমানে ভাগ ল’ব। এই এয়াৰ শ্ব’ উপভোগৰ বাবে বিদ্যালয় আৰু মহাবিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ লগতে বৃদ্ধাশ্ৰমৰ আৱাসীসকলক আমন্ত্ৰণ জনোৱা হৈছে। গুৱাহাটীৰ উজান বজাৰৰ সতী ৰাধিকা উদ্যানৰ পৰা ইচ্ছ্যুক ব্যক্তিসকলে ফ্লায়িং শ্ব’ চাব পাৰিব। জনসাধাৰণে সুবিধা অনুযায়ী গুৱাহাটীৰ নিজৰ ঘৰৰ পৰাও এই শ্ব’টো উপভোগ কৰিব পাৰিব। মহানগৰীৰ অশ্বক্লান্ত মন্দিৰ প্ৰাংগণত অতিথিৰ বাবে এয়াৰ শ্ব’ চোৱাৰ ব্যৱস্থা কৰা হৈছে ।
Assamese | November 8, 2025 12:23 PM | air show
গুৱাহাটীৰ লাচিতঘাটত কাইলৈ দুপৰীয়া ১২.৩০ বজাৰ পৰা দিনৰ ২ বজালৈ এয়াৰ শ্ব’