আঞ্চলিক সংবাদ

December 2, 2025 7:47 PM

views 58

সংসদত মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক-২০২৫ গৃহীত

সংসদত আজি মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী বিধেয়ক ২০২৫ গৃহীত হয়। এই বিধেয়কখনে ২০১৭ বৰ্ষৰ সামগ্ৰী আৰু সেৱা কৰ আইনৰ সংশোধন ঘটাব। তদুপৰি বিধেয়কখনে মণিপুৰ সামগ্ৰী আৰু সেৱা কৰ দ্বিতীয় সংশোধনী অধ্যাদেশ ২০২৫ৰো স্থান ল'ব। আজি ৰাজ্যসভাত বিত্ত ৰাজ্যমন্ত্ৰী পংকজ চৌধুৰীয়ে এই বিধেয়কখন উত্থাপন কৰ...

December 2, 2025 12:15 PM

views 30

কাইলৈৰ পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অনবদ্য অবদান আৰু সৃষ্টি সম্ভাৰক বিশ্বজনীন কৰাৰ প্ৰয়াসেৰে কাইলৈৰ পৰা ওড়িশাৰ পুৰীত পুৰী মহোৎসৱ অনুষ্ঠিত হ'ব। দুদিনীয়াকৈ হ'বলগীয়া এই মহোৎসৱত অসমৰ ভালেসংখ্যক ব্যক্তিয়ে অংশ ল'ব। মধুপুৰ সত্ৰ আৰু উত্তৰ বংগৰ সত্ৰ তথা নামঘৰসমূহৰ সমন্বয়ৰক্ষী সমিতিৰ প্ৰচাৰ সম্পাদক যুগান্ত বায়নে দিয়া ...

December 2, 2025 12:13 PM

views 96

গোৱালপাৰাৰ ঐতিহাসিক উৰপদ বিল নামনি অসমৰ অন্যমত পর্যটন স্থলী হিচাপে পৰিগণিত

প্রাকৃতিক সৌন্দৰ্যৰে ভৰা গোৱালপাৰা জিলাৰ ঐতিহাসিক উৰপদ বিল নামনি অসমৰ অন্যমত পর্যটন স্থলী হিচাপে পৰিগণিত হৈছে। শীতকাল নামি অহাৰ লগে লগে উৰপদ বিলত পৰ্যটকৰ সংখ্যা বৃদ্ধি পোৱা পৰিলক্ষিত হৈছে। পৰ্যটকৰ ভিৰ বৃদ্ধি হোৱাৰ বাবেই বিলখনৰ প্ৰাকৃতিক ভাৰসাম্য ৰক্ষা আৰু জীৱকুলৰ সুৰক্ষা, স্বচ্ছতাৰ দিশলৈ লক্ষ্য ৰাখি...

December 2, 2025 12:11 PM

views 48

নাগালেণ্ডত কালিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ আৰম্ভ

নাগালেণ্ডৰ কোহিমাৰ কিছামা গাঁৱত কালিৰে পৰা ১০ দিনীয়াকৈ ২৬ সংখ্যক হর্নবিল মহোৎসৱ অনুষ্ঠিত হৈছে। মহোৎসৱত ৰাজ্যখনৰ লোক কথা, শিল্প, খাদ্য সম্ভাৰ আদিৰ মাধ্যমেৰে বর্ণাঢ্য সংস্কৃতিক প্রদর্শন কৰা হৈছে। কিচামা গাঁৱৰ ইউনিটি প্লাজাত কালি বিয়লি চাৰি বজাত উদ্বোধনী কার্যসূচী অনুষ্ঠিত হয়। নাগালেণ্ডৰ ৰাজ্যপাল অজয় ক...

December 2, 2025 12:08 PM

views 34

ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত বিভিন্ন প্রান্তত প্রতিবাদী কার্যসূচী অব্যাহত

ৰাজ্যৰ ছটা জনগোষ্ঠীৰ জনজাতিকৰণ সন্দৰ্ভত মন্ত্রী গোটে বিধানসভাত দাখিল কৰা প্ৰতিবেদনক লৈ ৰাজ্যৰ বিভিন্ন প্রান্তত প্রতিবাদী কার্যসূচী অব্যাহত আছে। মৰাণ, মটক, আহোম, চুতীয়া, চাহ জনগোষ্ঠী আৰু কোচ-ৰাজবংশীসকলক জনজাতিকৰণৰ বাবে পৰামৰ্শ আগবঢ়াই প্ৰস্তুত কৰা এই প্রতিবেদনৰ বিৰুদ্ধে কালি বাক্সা জিলাৰ ছাপাগুৰি কলেজ...

December 2, 2025 12:04 PM

views 46

ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন

আজি অসম দিৱস। বৰ অসমৰ ভেটি গঢ়োতা স্বৰ্গদেউ চাওলুং চ্যুকাফাৰ বীৰত্ব, বিচক্ষণতা আৰু অৱদানক সুঁৱৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত অসম দিৱস উপলক্ষে ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অসম দিৱসত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই স্বর্গদেউ চাওলুং চ্যুকাফাক সুঁৱৰি সামাজিক মাধ্যমত এটা বিশেষ বার্তা প্রকাশ কৰিছে। চ...

December 1, 2025 8:40 PM

views 32

শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতিৰূপে বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়াৰ কাৰ্যভাৰ গ্ৰহণ

বিশিষ্ট অভিনেতা প্রাঞ্জল শ‍ইকীয়াই শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ উপ-সভাপতিৰূপে আজি কাৰ্যভাৰ গ্ৰহণ কৰে। কাৰ্যভাৰ গ্ৰহণৰ পাছতেই শ্ৰী শ‍ইকীয়াই এখন বৈঠকত অংশ লৈ কলাক্ষেত্ৰ সমাজৰ উদ্যোগত চলি থকা বিভিন্ন প্ৰকল্পৰ বুজ লৈ সন্তুষ্টি প্ৰকাশ কৰে। কলাক্ষেত্ৰ সচিব সুদৰ্শন ঠাকুৰে তেওঁক কলাক্ষেত্ৰ সমাজৰ হৈ আদ...

December 1, 2025 8:35 PM

views 30

শ্ৰীভূমিৰ চূড়াইবাৰী তালাচী চকীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

নিচাযুক্ত দ্রব্যবিৰোধী অভিযানৰ অংশ হিচাপে শ্ৰীভূমি আৰক্ষীয়ে আজি চূড়াইবাৰী তালাচী চকীত বুজন পৰিমাণৰ নিচাযুক্ত দ্রব্যসহ এজন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। ত্ৰিপুৰাৰ জিৰাণিয়া নিবাসী সৰবৰাহকাৰীজনে মেঘালয়লৈ নিচাযুক্ত সামগ্ৰীখিনি লৈ যোৱাৰ পথত শ্রীভূমিৰ চূড়াইবাৰীত আৰক্ষীয়ে তালাচী চলাই সামগ্ৰীখিনি উদ্ধাৰ ...

December 1, 2025 8:32 PM

views 45

শিলচৰত আজিৰে পৰা অসম গ্রন্থমেলা

আজিৰে পৰা শিলচৰত অসম গ্রন্থমেলা দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হৈছে। অসম প্ৰকাশন পৰিষদ আৰু পুথি বিক্রেতা সন্থাৰ উদ্যোগত আয়োজিত এই গ্রন্থমেলা পুলিচ পেৰেড খেলপথাৰত অহা ১০ ডিচেম্বৰলৈকে চলি থাকিব। আজি গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত দেশৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক আৰু কলকাতা বিশ্ববিদ্যালয়ৰ জনসংযোগ বিভাগৰ...

December 1, 2025 8:28 PM

views 31

মৰিগাঁৱত ধৰ্ষণৰ অপৰাধত অভিযুক্ত তিনিজন লোকক ২০ বছৰ সশ্ৰম কাৰাদণ্ড পকছ’ আদালতৰ

মৰিগাঁৱৰ পকছ’ আদালতে ধৰ্ষণৰ অপৰাধত অভিযুক্ত তিনিজন লোকক আজি দোষী সাব্যস্ত কৰি ২০ বছৰ সশ্ৰম কাৰাদণ্ডৰে দণ্ডিত কৰে। লোক কেইজন মৰিগাঁও জিলাৰ মিকিৰভেটাৰ ৰাজীবুল হক, মান্নান আলী আৰু চমেড আলী বুলি আমাৰ সংবাদদাতাই জনাইছে। এই লোক কেইজনে যোৱা বছৰৰ আগষ্টত মৰিগাঁও জিলাৰ মিকিৰভেটা থানাৰ অন্তৰ্গত এগৰাকী কিশোৰীক ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।