আজিৰে পৰা শিলচৰত অসম গ্রন্থমেলা দ্বিতীয় বাৰৰ বাবে অনুষ্ঠিত হৈছে। অসম প্ৰকাশন পৰিষদ আৰু পুথি বিক্রেতা সন্থাৰ উদ্যোগত আয়োজিত এই গ্রন্থমেলা পুলিচ পেৰেড খেলপথাৰত অহা ১০ ডিচেম্বৰলৈকে চলি থাকিব। আজি গ্রন্থমেলাৰ উদ্বোধনী অনুষ্ঠানত দেশৰ বিশিষ্ট সাহিত্যিক, সাংবাদিক আৰু কলকাতা বিশ্ববিদ্যালয়ৰ জনসংযোগ বিভাগৰ প্ৰাক্তন অধ্যাপক পার্থ চেটার্জী, শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগু, গুৰুচৰণ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক নিৰঞ্জন ৰায়, বিধায়ক দীপায়ন চক্ৰৱৰ্তী আৰু কমলাক্ষ দে পুৰকায়স্থকে ধৰি ভালেকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উদ্বোধনী অনুষ্ঠানত সভ্যতা ইতিহাস গ্রন্থৰ জৰিয়তে সংৰক্ষিত হৈ আছে বুলি শিক্ষামন্ত্রী ডাঃ পেগুৱে মন্তব্য কৰে। তেওঁ কয় যে ভাষা, ধৰ্ম আৰু কৃষি -এই সকলো মানৱ সভ্যতাৰ প্ৰাথমিক বিষয় কিতাপতে নথিভুক্ত কৰা হৈছে। মনৰ শান্তি আৰু ভাৰসাম্য ৰক্ষা কৰাৰ কাৰণে কিতাপ পঢ়াৰ অভ্যাস গঢ়ি তুলিবলৈ মন্ত্ৰীগৰাকীয়ে আহ্বান জনায়। তেওঁ ডিজিটেল যুগৰ লগত খাপ খাই চলিবলৈ গ্ৰন্থৰ ডিজিটাইজেচনৰ প্ৰয়োজনীয়তাৰ ওপৰতো গুৰুত্ব আৰোপ কৰে। উল্লেখযোগ্য যে, এইবাৰ গ্ৰন্থমেলাত দেশৰ বিভিন্ন প্ৰান্তৰ ৩১গৰাকী প্ৰকাশক গ্রন্থ বিক্রেতাই অংশগ্রহণ কৰিছে ।
Assamese | December 1, 2025 8:32 PM | Asom Book Fair
শিলচৰত আজিৰে পৰা অসম গ্রন্থমেলা