আঞ্চলিক সংবাদ

January 12, 2026 12:38 PM

views 25

তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ কালি সামৰণি

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পর্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত তিনিদিনীয়া বর্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ কালি সামৰণি পৰে। কালি অন্তিম দিনা আয়োজিত সাংস্কৃতিক শোভাযাত্রাত ৪ সহস্রাধিক লোকে অংশগ্রহণ কৰে। এই শোভাযাত্রাত আহোম সৈনিক আৰু আহোম ডা-ডাঙৰীয়াক লগত লৈ প্রতী...

January 12, 2026 12:36 PM

views 47

ভাৰত যুবনেতা সম্মিলন-২০২৬ত অসমৰ পৰা নির্বাচিত আৰিয়ান কাশ্যপ আৰু দীক্ষিতা চক্রবর্তীক মুখ্যমন্ত্রীৰ জ্ঞাপন

আজি ৰাষ্ট্ৰীয় যুব দিবস। প্রসিদ্ধ দার্শনিক, স্বপ্নদ্রষ্টা স্বামী বিবেকানন্দৰ জয়ন্তী উপলক্ষে প্ৰতিবছৰে আজিৰ দিনটোত এই দিৱস পালন কৰি অহা হৈছে। যুৱ প্ৰজন্মৰ মাজত আত্মবিশ্বাস, সেৱা আৰু দেশ গঢ়াৰ প্ৰেৰণা যোগোৱাৰ উদ্দেশ্যে পালন কৰি অহা ৰাষ্ট্ৰীয় যুব দিবস উপলক্ষে মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শর্মাই মহান চিন...

January 12, 2026 12:32 PM

views 30

গুৱাহাটী প্ৰেছ ক্লাবত প্রাক ভোগালী সাংবাদিকৰ আড্ডা শীর্ষক মনোগ্রাহী অনুষ্ঠানৰ আয়োজন

গুৱাহাটী প্ৰেছ ক্লাবত কালি প্রাক ভোগালী সাংবাদিকৰ আড্ডা শীর্ষক এটা মনোগ্রাহী অনুষ্ঠান আয়োজিত হয়। অনুষ্ঠানত বহুকেইজন সাংবাদিকে নিজৰ প্ৰতিভাৰ পৰিচয় দাঙি ধৰে। ইয়াৰ লগতে সাংবাদিকসকলে লোকনৃত্য, ঝুমুৰ আদি বিভিন্ন সাংস্কৃতিক অনুষ্ঠান পৰিৱেশন কৰে। এই অনুষ্ঠানত জুবিন গাৰ্গলৈ শ্রদ্ধাঞ্জলি জনাই সাংবাদিকসকলে কে...

January 12, 2026 12:30 PM

views 141

ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি

কাইলৈ মাঘ বিহুৰ উৰুকা। ৰাজ্যৰ বিভিন্ন প্ৰান্তত উৰুকাৰ বাবে ব্যাপক প্রস্তুতি চলিছে। গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বজাৰসমূহ বিহুৰ সামগ্ৰীৰে ভৰি পৰিছে। অসমীয়াৰ হেঁপাহৰ ভোগালী বিহুৰ বাবে ঠায়ে ঠায়ে বিভিন্ন আর্হিবে আটকধুনীয়া মেজি আৰু ভেলাঘৰ নিৰ্মাণ কৰাৰ লগতে ভোগালী মেলা অনুষ্ঠিত হৈছে। গ্র...

January 12, 2026 12:28 PM

views 54

চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ

সদৌ অসম চুতীয়া জাতি সম্মিলনৰ উদ্যোগত আৰু চুতীয়া উন্নয়ন পৰিষদৰ ব্যৱস্থাপনাত তিতাবৰৰ জালুকনিবাৰী বীৰপাল ক্ষেত্রত অনুষ্ঠিত চুতীয়া সাংস্কৃতিক আৰু জনগোষ্ঠীয় সমাৰোহত কালি মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে। চাৰিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত এই কার্যসূচীত অংশ লৈ মুখ্যমন্ত্ৰীয়ে কয় যে অসমৰ অতি প্...

January 12, 2026 12:26 PM

views 67

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এখন নতুন আৰু আধুনিক অসমৰ পৰিচয় হ’ব বুলি মুখ্যমন্ত্রীৰ প্ৰকাশ

উত্তৰ গুৱাহাটীৰ ৰংমহলত নির্মাণ হ'বলগীয়া গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নতুন ভৱন এখন নতুন আৰু আধুনিক অসমৰ পৰিচয় হ'ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই প্রকাশ কৰিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ এই নতুন চৌহদে ন্যায় ব্যৱস্থাৰ বৰ্ধিত প্রয়োজনসমূহ পূৰণ কৰিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে আশা প্রকাশ কৰে। তেওঁ লগতে কয়,...

January 11, 2026 9:23 PM

views 37

বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ সামৰণি

চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ আজি সামৰণি পৰে। আজি অন্তিম দিনা পুৱাৰ ভাগত বিভিন্ন জাতি- জনগোষ্ঠীৰ অংশগ্রহণেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। বড়ো সাহিত্য সভাৰ উপ সভাপতি গোপীনাথ বৰগয়াৰীয়ে এই শোভাযাত্ৰা মুকলি কৰে...

January 11, 2026 9:14 PM

views 59

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা লাভ কৰাৰ লগে লগে গোচৰটো চালি-জাৰি চাব পৰা যাব বুলি জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰৰ প্ৰকাশ

জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ অভিযোগনামা লাভ কৰাৰ লগে লগে গোচৰটো চালি-জাৰি চাব পৰা যাব বুলি ৰাজ্য চৰকাৰে এই গোচৰত লোক অধিবক্তাৰ দায়িত্ব অর্পণ কৰা জ্যেষ্ঠ অধিবক্তা জিয়াউল কামাৰে প্ৰকাশ কৰিছে। আজি সাংবাদিকৰ আগত অধিবক্তাগৰাকীয়ে কয় যে গোচৰ সংক্ৰান্তত আদালতত আইনগত প্রত্যাহ্বান থাকিব যদিও অভিযোগনামাখন বিস্তৃত...

January 11, 2026 9:04 PM

views 56

চৰাইদেউ মহোৎসৱত বহু দেশী-বিদেশী পৰ্যটকৰ সমাগম

বিশ্ব ঐতিহ্যক্ষেত্ৰ চৰাইদেউ মৈদাম ক্ষেত্ৰত পৰ্যটন বিভাগৰ উদ্যোগত আৰু চৰাইদেউবাসীৰ সহযোগত শুকুৰবাৰৰ পৰা তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত চৰাইদেউ মহোৎসৱৰ আজি সামৰণি পৰে। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত আয়োজিত এই মহোৎসৱ উপলক্ষে অঞ্চলটোত বহু দেশী-বিদেশী পৰ্যটকৰ সমাগম হৈছে। আজি অন্...

January 11, 2026 8:32 PM

views 51

১৭ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইত বাগুৰুম্বা নৃত্য পৰিবেশন

অহা ১৭ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত বাগুৰুম্বা নৃত্য পৰিবেশন কৰা হ'ব। বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত বড়োসকলৰ বাগুৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে প্রায় ১০ হাজাৰ শিল্পীয়ে নৃত্য পৰিবেশন কৰিব। এই অনুষ্ঠান উপভ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।