চিৰাং জিলাৰ বিজনীৰ বৰলাউগাঁৱৰ থেংফাখ্ৰী পথাৰত অনুষ্ঠিত বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ আজি সামৰণি পৰে। আজি অন্তিম দিনা পুৱাৰ ভাগত বিভিন্ন জাতি- জনগোষ্ঠীৰ অংশগ্রহণেৰে বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্রা উলিওৱা হয়। বড়ো সাহিত্য সভাৰ উপ সভাপতি গোপীনাথ বৰগয়াৰীয়ে এই শোভাযাত্ৰা মুকলি কৰে। বিয়লিৰ ভাগত সভাৰ সভাপতি ড০ সুৰথ নাৰ্জাৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভা বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য হাগ্রামা মহিলাৰীয়ে উদ্বোধন কৰে। শ্রীমহিলাৰীয়ে নিজৰ ভাষণত বড়ো সাহিত্যিক বিশ্বমুখী কৰাৰ বাবে প্ৰচেষ্টা চলাবলৈ বি টি চি প্রশাসন বদ্ধপৰিকৰ বুলি মত প্রকাশ কৰে। তেওঁ লগতে ১৯৮১ চনত ডিফুত আৰু ১৯৮২ চনত তিনিচুকীয়াত অনুষ্ঠিত অসম সাহিত্য সভাৰ অধিবেশনত সভাপতিৰ আসন অলংকৃত কৰা সীতানাথ ব্রহ্মচৌধুৰীৰ নামত থেংফাখ্ৰী পথাৰত এটা প্রেক্ষাগৃহ নিৰ্মাণ কৰা হ’ব বুলিও ঘোষণা কৰে। আজিৰ মুকলি সভাত মন্ত্রী জয়ন্ত মল্ল বৰুৱাই অংশ লৈ মহাত্মা গান্ধী শীর্ষক পুথি এখন উন্মোচন কৰে। নিজৰ ভাষণত মন্ত্ৰীগৰাকীয়ে ৰাজ্য চৰকাৰে অসমৰ বিভিন্ন জাতি-জনগোষ্ঠীৰ উন্নয়নৰ হকে গ্ৰহণ কৰা পদক্ষেপসমূহত আলোকপাত কৰে। বড়ো সাহিত্য সভাই ছটা দশক অতিক্ৰম কৰি এই পৰ্যায়ত উপনীত হোৱাটো আশাব্যঞ্জক কথা বুপি তেওঁ মন্তব্য কৰে। অনুষ্ঠানত মন্ত্রী ঊৰ্খাও গৌৰা ব্ৰহ্ম, প্রাক্তন সাংসদ ছানচুমা খুংণ্ডৰ বিছমুতিৰায়ী, প্রাক্তন মন্ত্রী প্রমীলা ৰাণী ব্ৰহ্ম, বৰ্তমানৰ সাংসদ ৰণগৌৰা নাৰ্জাৰী আৰু জয়ন্ত বসুমতাৰীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশ লয়। আজি মুকলি মঞ্চত চুবুৰীয়া ৰাষ্ট ভূটান আৰু প্ৰতিবেশী ৰাজ্য ত্ৰিপুৰাৰ সাংস্কৃতিক দলৰ লগতে বিভিন্ন জাতি-জনগোষ্ঠীৰ লোকনৃত্যই দর্শকক আপ্লুত কৰে।
Assamese | January 11, 2026 9:23 PM | Bodo-Sahitiya-Sabha
বড়ো সাহিত্য সভাৰ ৬৫ সংখ্যক কেন্দ্রীয় বার্ষিক অধিৱেশনৰ সামৰণি