অহা ১৭ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইৰ অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্ৰকল্পত বাগুৰুম্বা নৃত্য পৰিবেশন কৰা হ’ব। বিহু আৰু ঝুমইৰ বিনন্দিনীৰ পাছত বড়োসকলৰ বাগুৰুম্বা নৃত্যক বিশ্ব দৰবাৰত তুলি ধৰাৰ উদ্দেশ্যে প্রায় ১০ হাজাৰ শিল্পীয়ে নৃত্য পৰিবেশন কৰিব। এই অনুষ্ঠান উপভোগ কৰিবলৈ আগ্ৰহীসকলে নিজৰ এখন বৈধ পৰিচয়পত্র জমা দি অৰ্জুন ভোগেশ্বৰ বৰুৱা ক্রীড়া প্রকল্প, পাঞ্জাবাৰীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ অথবা আমবাৰীৰ ৰবীন্দ্ৰ ভৱনৰ সাংস্কৃতিক সঞ্চালকালয়ৰ কাৰ্যালয়ৰ পৰা প্ৰৱেশ পত্ৰ সংগ্ৰহ কৰিব পাৰিব। ইতিমধ্যে এই কাৰ্যসূচীত অংশ লোৱাৰ বাবে বিভিন্ন জিলাৰ পৰা শিল্পীসকল গুৱাহাটীলৈ আহিবলৈ সাজু হৈছে।
Assamese | January 11, 2026 8:32 PM | Bagurumba Dwhou 2026
১৭ জানুৱাৰীত প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ উপস্থিতিত গুৱাহাটীৰ সৰুসজাইত বাগুৰুম্বা নৃত্য পৰিবেশন