আঞ্চলিক সংবাদ

May 15, 2024 8:12 PM

views 24

কাইলৈ উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ প্ৰথমটো দল মক্কা অভিমুখে যাত্ৰা

গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰৰ পৰা অসম তথা উত্তৰ-পূবৰ হজযাত্ৰীৰ এইবাৰৰ প্ৰথমটো দল কাইলৈ মক্কা অভিমুখে যাত্ৰা কৰিব। আজি সন্ধিয়া গুৱাহাটী হাজি মুছাফিৰখানাত উত্তৰ-পূবৰ হজযাত্রীসকলক বিদায় সম্ভাষণ জনোৱাৰ বাবে এটা অনুষ্ঠানৰ আয়োজন কৰা হৈছে। এই অনুষ্ঠানত গুৱাহাটীত থকা বাংল...

May 15, 2024 8:10 PM

views 66

ৰাজ্যৰ বিভিন্ন ঠাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী

সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন ঠাইত আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বৰপেটা জিলা সমিতিয়ে জিলাৰ শ্বহীদ ভৱনত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্রণ, ঔষধৰ মূল হ্ৰাস আদি দাবীৰে সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত জিলা...

May 15, 2024 8:08 PM

views 30

সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত কৃষ্ণগুৰুৰ ৯০ সংখ্যক আৱিৰ্ভাৱ তিথি পালন

বৰপেটাৰ জিলাৰ সৰ্থেবাৰীৰ নসত্ৰৰ কৃষ্ণগুৰু সেৱাশ্ৰমত আজি কৃষ্ণগুৰুৰ ৯০ সংখ্যক আৱিৰ্ভাৱ তিথি পালন কৰা হয়। নসত্ৰৰ মূল সেৱাশ্ৰমৰ লগতে দেশ-বিদেশৰ ১০৪খন শাখা সেৱাশ্ৰমতো আৱিৰ্ভাৱ মহোৎসৱ পালন কৰা হয়। নসত্ৰৰ সেৱাশ্ৰমখনত আজি বাৰ ঘণ্টীয়া অখণ্ড পালনাম আয়োজন কৰাৰ উপৰি আধ্যাত্মিক শোভাযাত্রাও উলিওৱা হয়। এই শো...

May 15, 2024 8:07 PM

views 37

মৰিগাওঁ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ১৪টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ

মৰিগাওঁ আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত ১৬টা বিশেষ আৰক্ষীৰ দলে অভিযান চলাই যোৱা নিশা ১৪টা চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ কৰে। আৰক্ষীয়ে গুৱাহাটীৰ পৰা দুটা অপৰাধীক গ্ৰেপ্তাৰ কৰে। ইপিনে মৰিগাঁও জিলাৰ লাহৰীঘাট আৰু ভূৰাগাঁও আৰক্ষীয়ে অভিযান চলাই ৬টাকৈ চাইবাৰ অপৰাধীক গ্ৰেপ্তাৰ ক...

May 15, 2024 8:05 PM

views 36

যোৰহাট জিলা কাৰাটে সন্থাৰ সহযোগত যোৰহাট ষ্টেডিয়ামত কাৰাটে একাডেমী উদ্বোধন

সদৌ অসম কাৰাটে সন্থাৰ উদ্যোগত তথা যোৰহাট জিলা কাৰাটে সন্থাৰ সহযোগত আজি যোৰহাট ষ্টেডিয়ামত এটা কাৰাটে একাডেমী উদ্বোধন কৰা হয়। সন্থাটোৰ সাধাৰণ সম্পাদক আদৰ্শ চৌধুৰীয়ে উদ্বোধন কৰা এই অনুষ্ঠানত জিলা কাৰাটে সন্থাৰ বিষয়ববীয়াকে ধৰি জিলাখনৰ ক্ৰীড়া সংগঠক তথা ছাত্র-ছাত্রী উপস্থিত থাকে।

May 15, 2024 5:57 PM

views 25

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ আজি ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস। ১৯৫৭ চনৰ ১৫ মে'ত প্ৰতিষ্ঠা লাভ কৰা বিভাগটোৱে বিগত ৬৭ বছৰ ধৰি জনসাধাৰণক তথ্য, শিক্ষা আৰু জ্ঞানৰ খোৰাক যোগাই আহিছে। বহুজন হিতায়, বহুজন সুখায় বাণীক সাৰোগত কৰি বিভাগটোৱে শ্ৰোতাক নিৰপেক্ষ আৰু শুদ্ধ তথ্যৰে বাতৰি দিয়াৰ লগতে ভাষাৰ ক্ষে...

May 15, 2024 11:41 AM

views 29

গুৱাহাটীৰ বৰ্ষাপাৰাত হ’বলগীয়া আই পি এলৰ মেচৰ বাবে যান-বাহনৰ চলাচলত বিশেষ নিৰ্দেশনা জাৰি

গুৱাহাটীৰ বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত আজি আৰু ১৯ মে'ত হ'বলগীয়া আই পি এল ক্রিকেট প্রতিযোগিতাৰ খেল দুখনৰ প্ৰতি লক্ষ্য ৰাখি যান-বাহন আৰক্ষীয়ে যান-বাহন চলাচলৰ ক্ষেত্ৰত বিশেষ নিৰ্দেশনা জাৰি কৰিছে। এই সময়ছোৱাত শিশু, মহিলা, ছাত্র-ছাত্রী, জ্যেষ্ঠ নাগৰিক আৰু বিশেষভাৱে সক্ষম নাগৰিকসকলৰ আহ-যাহ সুচল হোৱাৰ ...

May 15, 2024 11:40 AM

views 34

ৰাজ্যত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ৩ মাহত ডিজিটেল লেনদেনত ১০ লাখ কোটি টকা অতিক্ৰম

সমগ্ৰ দেশৰ লগতে অসমতো ডিজিটেল লেনদেনে দৈনিক নতুন অভিলেখ ৰচনা কৰিছে। বিগত ২০২৩-২৪ বিত্তীয় বৰ্ষৰ প্ৰথম তিনিটা মাহতে এই লেনদেনে ১০ লাখ কোটি টকা অতিক্ৰম কৰিছে। কোভিড সংক্ৰমণৰ পাছৰে পৰা ডিজিটেল লেনদেন বৃদ্ধি পোৱা দেখিবলৈ পোৱা গৈছে। পূৰ্বৰ নেট বেংকিং, এন ই এফ টি, মোবাইল বেংকিং আদিৰ তুলনাত ইউ পি আইৰ ব্যৱহ...

May 15, 2024 11:36 AM

views 27

মাজুলীত জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত ৫১গৰাকী অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীক বিদায় সম্ভাষণ

মাজুলী জিলাৰ অন্তৰ্গত বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ত আৰু মাজুলী জিলা অধিবিদ্যা পৰিষদৰ উদ্যোগত কালি ৫১গৰাকী সদ্য অৱসৰপ্ৰাপ্ত শিক্ষক-কর্মচাৰীক বিদায় সম্ভাষণ জনোৱা হয়। কমলাবাৰীস্থিত ১ নম্বৰ কমলাবাৰী নিম্ন বুনিয়াদী বিদ্যালয়ত অনুষ্ঠিত সভাখনত মাজুলী জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক সংগীতা বৰুৱা, মাজু...

May 15, 2024 11:34 AM

views 47

ৰাজ্যত স্বাভাৱিক তাপমানতকৈ কেইবা ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধি

ৰাজ্যত স্বাভাৱিক তাপমানতকৈ কেইবা ডিগ্রী চেলছিয়াছ উষ্ণতা বৃদ্ধি পাইছে। গুৱাহাটীত সন্ধিয়া ৬.৩০ বজাত তাপমান ৩২ ডিগ্রী চেলছিয়াছ, শিলচৰত ৩৫ ডিগ্রী, গোৱালপাৰাত ৩৩ দশমিক ৩ ডিগ্রী, গোলাঘাটত ৩৪ দশমিক ২ আৰু যোৰহাটত ৩৩ দশমিক ৪ ডিগ্রী চেলছিয়াছলৈ উষ্ণতা বৃদ্ধি পাইছে। বৰঝাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই জনোৱা ...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।