সদৌ অসম ছাত্ৰ সন্থাই ৰাজ্যৰ বিভিন্ন ঠাইত আজি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে। বৰপেটা জিলা সমিতিয়ে জিলাৰ শ্বহীদ ভৱনত এই বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰে। নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য নিয়ন্ত্রণ, ঔষধৰ মূল হ্ৰাস আদি দাবীৰে সংগঠনটোৰ সদস্যসকলে প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীত জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ প্ৰতিনিধিয়েও অংশগ্ৰহণ কৰে। শিৱসাগৰতো জিলা ছাত্ৰ সন্থাই ইন্ধন, অত্যাৱশ্যকীয় সামগ্ৰী, ঔষধ আদি মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে। শিৱসাগৰৰ ব’ৰ্ডিং ৰোডৰ পৰা সমদল উলিয়াই মুক্তিনাথ চালিআলিত সংগঠনটোৰ প্ৰতিনিধিসকলে অৱস্থান গ্ৰহণ কৰে। এই কাৰ্যসূচীত সংগঠনটোৰ শতাধিক নেতা-কর্মীয়ে অংশগ্রহণ কৰে ।
Assamese | May 15, 2024 8:10 PM | all assam student union
ৰাজ্যৰ বিভিন্ন ঠাইত মূল্যবৃদ্ধিৰ বিৰুদ্ধে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদী কাৰ্যসূচী