আন্তৰ্জাতিক সংবাদ

May 26, 2025 9:25 PM

views 70

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে

আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পে ৰাছিয়া আৰু ইউক্রেইনৰ মাজত চলি থকা সংঘাতক লৈ তীব্র অসন্তুষ্টি প্ৰকাশ কৰিছে। ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমীৰ পুটিন আৰু ইউক্রেইনৰ ৰাষ্ট্ৰপতি ভ'ল'দিমিৰ জেলেনেস্কিৰ ভূমিকাক সমালোচনা কৰি তেওঁ কয়, যে দুয়োখন দেশে সংযম ৰক্ষা কৰি চলিলে নিৰিহ জনতাৰ প্ৰাণ ৰক্ষা পৰিব। উল্লেখ...

May 25, 2025 8:23 PM

views 52

ইউক্রেইনৰ বিৰুদ্ধে ৰাছিয়াৰ ড্রোন আৰু মিছাইল আক্ৰমণত ৩টি শিশুসহ ১২ জন লোকৰ মৃত্যু

আজি পুৱাৰ ভাগত ৰাছিয়াই ইউক্রেইনৰ ওপৰত চলোৱা ড্রোন আৰু মিছাইল আক্ৰমণত ৩ টি শিশুসহ ১২ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন বহুকেইজন লোক আহত হৈছে। ইউক্ৰেইনৰ প্ৰশাসনে কয়, যে এই আক্ৰমণত কেৱল কিয়েভ অঞ্চলতে চাৰিজন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩ জন লোক গুৰুতৰভাৱে আহত হয়৷ ইউক্রেইনৰ বায়ু সেনা বাহিনীয়ে জনোৱা মতে, এই ...

May 25, 2025 8:17 PM

views 49

পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ বিভিন্ন অঞ্চলত ধুমুহা-বৰষুণত কমেও ১৮ জন লোকৰ মৃত্যু

পাকিস্তানৰ পাঞ্জাব প্ৰদেশৰ পৃথক পৃথক অঞ্চলত অহা ধুমুহা-বৰষুণত কমেও ১৮ জন লোকৰ মৃত্যু হোৱাৰ লগতে ১০০ জনতকৈও অধিক লোক গুৰুতৰভাৱে আহত হৈছে। প্ৰাদেশিক দুর্যোগ ব্যৱস্থাপনা কর্তৃপক্ষই জনোৱা মতে ধুমুহা বৰষুণত অঞ্চলটোৰ জৰাজীৰ্ণ অট্টালিকা আৰু দুৰ্বল গাঁঠনিসমূহ ভাঙি যোৱাৰ বাবে অধিকাংশ লোকৰ মৃত্যু হৈছে। ঝিলাম,...

May 25, 2025 8:05 PM

views 43

মালদীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুল্লা খালীল তিনিদিনীয়া ভাৰত ভ্রমণসূচীৰে নতুন দিল্লীত উপস্থিত

মালদীপৰ বিদেশ মন্ত্ৰী ড০ আব্দুল্লা খালীলে তিনিদিনীয়া ভ্রমণসূচীৰে আজি নতুন দিল্লীত উপস্থিত হৈছে। এয়া হৈছে মালদীপৰ বিদেশ মন্ত্ৰীগৰাকীৰ একেটা বছৰতে তৃতীয়টো ভাৰত ভ্ৰমণ৷ ভাৰত আৰু মালদ্বীপৰ মাজত উচ্চ পৰ্যায়ৰ কূটনৈতিক আদান-প্ৰদানৰ বাবে এই ভ্রমণসূচী অব্যাহত আছে। কাইলৈ ড০ খালীলে মালদীপৰ নেতৃত্বত সামুদ্রি...

May 25, 2025 10:51 AM

views 68

ব্ৰাজিলত হ’বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত ভাৰতে অংশগ্ৰহণ কৰিব

ভাৰতে ব্ৰাজিলত কাইলৈৰ পৰা হ'বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। উচ্চ পৰ্যায়ৰ এই বৈঠকত কেন্দ্রীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ভাৰতীয় প্রতিনিধিসকলৰ নেতৃত্ব দিব। এই বৈঠকে সাংস্কৃতিক বুজাবুজি আৰু সহযোগিতাৰ প্ৰসাৰৰ উদ্দেশ্যে ব্রাজিল, ৰাছিয়...

May 25, 2025 10:46 AM

views 35

অপাৰেচন সিন্দূৰৰ গুৰুত্বৰ বিষয়ে বিশ্বক অৱগত কৰোৱাৰ উদ্দেশ্যে বহুদলীয় সংসদীয় প্রতিনিধি দলৰ বিশ্বৰ বিভিন্ন দেশ ভ্ৰমণ

অপাৰেচন সিন্দূৰৰ গুৰুত্বৰ বিষয়ে বিশ্বক অৱগত কৰোৱাৰ উদ্দেশ্যে জে ডি ইউৰ সাংসদ সঞ্জয় ঝাৰ নেতৃত্বৰ বহুদলীয় সংসদীয় প্রতিনিধি দলটো কালি বিয়লি জাপান ভ্রমণ সামৰি তিনিদিনীয়া ভ্রমণসূচীৰে দক্ষিণ কোৰিয়াৰ ছিউলত উপস্থিত হয়। এই ভ্রমণসূচীয়ে সকলো ধৰণৰ সন্ত্ৰাসবাদৰ প্ৰতি ভাৰতৰ শূন্য সহনশীলতাৰ স্থিতি আগুৱাই ...

May 23, 2025 4:12 PM

views 90

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেন ডিয়েগত সংঘটিত জেট বিমানৰ দুৰ্ঘটনাত দুজন লোকৰ মৃত্যু

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ছেন ডিয়েগত কালি সংঘটিত এখন ব্যক্তিগত জেট বিমানৰ দুৰ্ঘটনাত কমেও দুজন লোকে প্ৰাণ হেৰুৱাইছে। ৬জন ব্যক্তিক কঢ়িয়াই নিয়া বিমানখন ডাৱৰীয়া বতৰৰ বাবে উচ্চ শক্তিসম্পন্ন বিদ্যুতৰ তাঁৰৰ সংস্পৰ্শলৈ অহাৰ ফলত এই দুৰ্ঘটনাটো সংঘটিত হয়। ছেন ডিয়েগৰ আৰক্ষী বিভাগে জনোৱা মতে এই দুৰ্ঘটনাত কোনো...

May 22, 2025 3:55 PM

views 46

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা

ৱাশ্বিংটন ডিচিত অৱস্থিত Capital Jewish Museum ৰ সমীপত আজি নিচেই পুৱাতে ইজৰাইলী দূতাবাসৰ দুগৰাকী কৰ্মচাৰীক অচিনাক্ত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ গৃহভূমি নিৰাপত্তা বাহিনীয়ে প্ৰকাশ কৰা মতে সংগ্ৰহালয়টোৰ পৰা ওলাই অহাৰ সময়তে ইজৰাইলী দূতাবাসৰ এজন পুৰুষ আৰু এগৰাকী মহিলা কৰ্মচাৰ...

May 21, 2025 9:14 PM

views 71

উক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত

ইউক্রেইনৰ চুমি সীমান্ত অঞ্চলত চলি থকা প্ৰশিক্ষণ অনুশীলন ৰাছিয়াৰ ক্ষেপনাস্ত্ৰ আক্ৰমণত ইউক্রেইনৰ ৬জন সেনা নিহত হোৱাৰ লগতে ১০ জন আহত হোৱা বুলি ইউক্রেইনৰ প্ৰতিৰক্ষা বাহিনীৰ বাবে বৃহৎ বাধা হিচাপে থিয় দিছে। ৰাছিয়াৰ প্ৰতিৰক্ষা মন্ত্ৰালয়ে ইয়াৰ পূৰ্বে এটা প্ৰশিক্ষণ শিবিৰত ইস্কাণ্ডাৰে ক্ষেপনাস্ত্ৰ আক্ৰমণ...

May 21, 2025 12:46 PM

views 60

১৭, ৫০০ কোটি ডলাৰৰ গোল্ডেন ডোম ক্ষেপনাস্ত্র প্ৰতিৰক্ষা কবচ নিৰ্মাণৰ কথা ঘোষণা ডনাল্ড ট্রাম্পৰ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্রাম্পে দেশখনৰ বাবে ১৭ হাজাৰ ৫০০ কোটি ডলাৰৰ গোল্ডেন ডোম ক্ষেপনাস্ত্র প্ৰতিৰক্ষা কবচ নিৰ্মাণৰ কথা ঘোষণা কৰিছে। চীন আৰু ৰাছিয়াৰ সম্ভাৱ্য ভাবুকি প্ৰতিহত কৰাৰ লক্ষ্যৰে এই অভিলাষী প্রকল্প আৰম্ভ কৰা হৈছে। আমেৰিকা যুক্তৰাষ্ট্ৰৰ মহাকাশ বাহিনীৰ জেনেৰেল মাইকেল গুৱেটলি...

অধিক পঢ়ক

সকলো চাওক arrow-right

কোনো পোষ্ট পোৱা নগ'ল।