ভাৰতে ব্ৰাজিলত কাইলৈৰ পৰা হ’বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত অংশগ্ৰহণ কৰিব। উচ্চ পৰ্যায়ৰ এই বৈঠকত কেন্দ্রীয় সাংস্কৃতিক আৰু পৰ্যটন মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱটে ভাৰতীয় প্রতিনিধিসকলৰ নেতৃত্ব দিব। এই বৈঠকে সাংস্কৃতিক বুজাবুজি আৰু সহযোগিতাৰ প্ৰসাৰৰ উদ্দেশ্যে ব্রাজিল, ৰাছিয়া ভাৰত, চীন আৰু দক্ষিণ আফ্ৰিকা আদি ব্ৰীকছ ৰাষ্ট্ৰসমূহৰ সাংস্কৃতিক মন্ত্ৰীসকলক এখন মঞ্চ প্ৰদান কৰিব। এইবাৰৰ এই বৈঠকত যুটীয়া সাংস্কৃতিক প্রকল্প, প্রতিষ্ঠানগত অংশীদাৰিত্ব আৰু ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ বৈচিত্ৰপূৰ্ণ ঐতিহ্য সংৰক্ষণৰ জৰিয়তে সম্পৰ্ক শক্তিশালী কৰাৰ বিষয়ত আলোকপাত কৰা হ’ব।
বৈঠকৰ সময়ত মন্ত্ৰীসকলে সাংস্কৃতিক কুটনীতি, ঐতিহ্য সংৰক্ষণ আৰু জনসাধাৰণৰ মাজৰ সম্পৰ্ক বিষয়ক ভাৰতৰ প্ৰতিশ্ৰুতিবদ্ধতা সন্দৰ্ভত আলোকপাত কৰিব।
Assamese | May 25, 2025 10:51 AM | Brazil | Bricks Meeting
ব্ৰাজিলত হ’বলগীয়া ব্ৰীকছ ৰাষ্ট্ৰগোষ্ঠীৰ সাংস্কৃতিক মন্ত্ৰীসকলৰ বৈঠকত ভাৰতে অংশগ্ৰহণ কৰিব