ভাৰতীয় জনতা পাৰ্টিৰ আজি ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উপলক্ষে দলটোৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ লগতে জ্যেষ্ঠ নেতা অমিত শ্বাহ আৰু ৰাষ্ট্ৰীয় সভাপতি জগত প্রসাদ নাড্ডাই দলীয় নেতা-কর্মীসকলক অভিনন্দন জনাইছে। সামাজিক মাধ্যমৰ এটা পোষ্টত আজি প্ৰধানমন্ত্রী মোদীয়ে দলৰ উত্তৰণত তেওঁলোকৰ কষ্ট, সংঘাত আৰু ত্যাগৰ বাবে ধন্যবাদ জনায়। তেওঁ উল্লেখ কৰে যে এন ডি এৰ এটা প্রধান অংশ হিচাপে দলে গৌৰৱ অনুভৱ কৰে । বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে বিজেপিক দেশৰ সৰ্ববৃহৎ ৰাজনৈতিক দল হিচাপে গঢ় দিয়াৰ বাবে দলীয় কর্মীসকলক ধন্যবাদ জনায়। দলৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাই দেশজুৰি দলক শক্তিশালী কৰাৰ বাবে জ্যেষ্ঠ নেতাসকলক কৃতজ্ঞতা জনায়।
Assamese | April 6, 2024 4:45 PM | BJP Foundation day | PM Modi
ভাৰতীয় জনতা পাৰ্টিৰ ৪৫ সংখ্যক প্ৰতিষ্ঠা দিৱস উদযাপন