♦ বৰপেটা জিলাৰ বিভিন্ন প্ৰান্তত কালি সন্ধিয়াৰে পৰা হোৱা বৰষুণৰ লগতে বজ্ৰপাতত এগৰাকী মহিলা আৰু এগৰাকী কিশোৰীৰ মৃত্যু হয়। মৃত মহিলাগৰাকী সাওৰা চৰ ৰিজাৰ্ভ গাঁৱৰ মমিন নেছা আৰু কিশোৰী গৰাকী জ্যোৎস্না খাতুন বুলি জানিব পৰা গৈছে। আনহাতে বজ্ৰপাতত ইকবাল হুছেইন নামৰ আন এজন লোক গুৰুতৰ ভাবে আহত হয়। তেওঁ সম্প্ৰতি বৰপেটা জিলা অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।
Assamese | May 6, 2024 1:16 PM | AIR GUWAHATI | Assam | Assamese News | Barpeta
বৰপেটা জিলাত বজ্ৰপাতত এগৰাকী মহিলা আৰু এগৰাকী কিশোৰীৰ মৃত্যু