♦ ৰাজ্যৰ ক্ৰিকেটৰ ক্ষেত্ৰখনত দক্ষ ক্ৰিকেট খেলুৱৈ সৃষ্টিৰ বাবে অসম ক্রিকেট সংস্থাৰ অধীনৰ ক্ৰিকেট একাডেমীসমূহৰ মাজত বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেট প্ৰতিযোগিতাৰ বৰপেটা মণ্ডলৰ চূড়ান্ত খেলখনত আজি বৰপেটা জিলা দল বিজয়ী হয়। এই জয়ৰ ফলত বৰপেটা জিলা দলটোৱে গুৱাহাটীত অনুষ্ঠিত হ’বলগীয়া চূড়ান্ত পৰ্যায়ৰ লীগ খেলত অংশগ্ৰহণৰ সুযোগ লাভ কৰিছে। উল্লেখযোগ্য যে অসম ক্রিকেট সংস্থাৰ প্ৰথমগৰাকী সাধাৰণ সম্পাদক পুলিন দাসৰ স্মৃতিত সংস্থাটোৱে এই প্রতিযোগিতা অনুষ্ঠিত কৰিছে।
Assamese | April 2, 2024 7:25 PM | Assam | Assamese News | Barpeta | Cricket | U-14 Cricket
বৰপেটাত অনুষ্ঠিত ১৪ বছৰ অনুৰ্ধ আন্তঃজিলা ক্ৰিকেটত বৰপেটা জিলা দলৰ বিজয়