April 3, 2024 8:23 PM

views 107

শাৰীৰিক প্ৰতিবন্ধকতাক নেওচি মাউণ্ট ঋণক আৰোহণ কৰি উদয় কুমাৰৰ ইতিহাস

♦ ৯১ শতাংশ শাৰীৰিক প্ৰতিবন্ধকতা সত্ত্বেও পশ্চিমবংগৰ উদয় কুমাৰ নামৰ ৩৫ বছৰীয়া যুৱকজনে সাহস আৰু দৃঢ়তাৰ অতুলনীয় নিদৰ্শন দাঙি ধৰি পশ্চিম ছিকিমৰ ১৬,৫০০ ফুট উচ্চতাৰ মাউণ্ট ঋণক আৰোহণ কৰি ইতিহাস ৰচিছে।

April 3, 2024 8:30 PM

views 73

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে জিলা প্ৰশাসনৰ প্রস্তুতি তীব্ৰতৰ

প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ দিন চমু চাপি অহাৰ পৰিপ্ৰেক্ষিতত বিভিন্ন জিলা প্ৰশাসনে প্রস্তুতি তীব্ৰতৰ কৰি তুলিছে। তিনিচুকীয়া জিলা আয়ুক্ত স্বপ্নীল পালে আজি লোকসভা নিৰ্বাচনৰ বাবে ভোটাৰ সজাগতা সৃষ্টিৰ উদ্দেশ্যে প্ৰস্তুত কৰা মহিলা শুভংকৰ এটি আয়ুক্ত কাৰ্যালয়ৰ প্ৰৱেশ দ্বাৰত আনুষ্ঠানিকভাৱে মুকলি কৰে।...

April 3, 2024 7:37 PM

views 112

টাইৱানত ভূঁইকঁপঃ কমেও ৭ গৰাকী লোকৰ প্রাণ হানি

♦ টাইৱানত আজি সংঘটিত এটা ভূঁইকঁপৰ ঘটনাত কমেও ৭ গৰাকী লোকৰ প্রাণ হানি হোৱাৰ লগতে আন প্রায় ৭০০ গৰাকী লোক আহত হয়। এই বাতৰি যুগুতোৱাৰ পৰলৈ ভূমিকম্পৰ কবলত পৰা অঞ্চলসমূহত ভালেমান লোক আবদ্ধ হৈ পৰা বুলি দেশখনৰ প্ৰশাসনে প্রকাশ কৰিছে। দেশখনৰ পূব উপকূলত সংঘটিত বিখটাৰ স্কেলৰ ৭.৪ প্রাবল্যৰ এই ভূমিকম্পৰ ফলত অঞ্...

April 3, 2024 7:21 PM

views 46

 চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হোৱাৰ পূর্বানুমান বিশ্ববেংকৰ

♦ বিশ্ববেংকে চলিত বৰ্ষত ভাৰতীয় অর্থনীতিৰ বিকাশৰ হাৰ ৭.৫ শতাংশ হ'বগৈ বুলি পূর্বানুমান কৰিছে। বিশ্ব বেংকৰ শেহতীয়া দক্ষিণ এছিয়া উন্নয়নমূলক প্রতিবেদন মতে ২০২৪ চনত সামগ্ৰিকভাৱে দক্ষিণ এছিয়াৰ অর্থনৈতিক বিকাশ ৬ শতাংশলৈ বৃদ্ধি পাইছে। ইয়াৰ মূলতে হৈছে ভাৰতৰ উন্নয়ন আৰু পাকিস্তান তথা শ্রীলংকাৰ অর্থনৈতিক ...

April 3, 2024 7:31 PM

views 118

কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদৰ শপতগ্রহণ

♦ কেন্দ্রীয় মন্ত্ৰী ড০ এল মুৰুগনৰ লগতে ৰাজ্যসভাৰ আন ১১ জন নৱ নিৰ্বাচিত সাংসদে আজি শপতগ্রহণ কৰে। উপ বাষ্ট্ৰপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে সংসদ ভৱনত তেওঁলোকক শপত বাক্য পাঠ কৰোৱায়৷

April 3, 2024 7:24 PM

views 117

পৰ্টুগালৰ প্রধানমন্ত্ৰীৰূপে নিৰ্বাচিত লুইছ মণ্টেনগ্ৰক প্রধানমন্ত্রীৰ অভিনন্দন

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পৰ্টুগাল গণৰাজ্যৰ প্রধানমন্ত্ৰীৰূপে নিৰ্বাচিত হোৱা লুইছ মণ্টেনগ্ৰক অভিনন্দন জনাইছে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা পোষ্টৰ জৰিয়তে শ্রীমোদীয়ে আদি কয় যে, ভাৰত আৰু পৰ্টুগালৰ দ্বিপাক্ষিক সম্বন্ধ শক্তিশালী কৰাৰ ক্ষেত্ৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে একেলগে কাম কৰি যাব বুলি আশা প্...

April 3, 2024 7:11 PM

views 155

ৱাইনাড সংসদীয় সমষ্টিৰ বাবে ৰাহুল গান্ধীয়ে মনোনয়ন পত্র দাখিল কৰিব

♦ কংগ্ৰেছ নেতা তথা ৱাইনাড সংসদীয় সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে আজি সমষ্টিটোৰ বাবে মনোনয়ন পত্র দাখিল কৰিব। এল ডি এফৰ প্রক্ষেপিত প্রার্থী চি পি আইৰ এন্নী বাজায়েও আজি মনোনয়ন দাখিল কৰিব। আনহাতে এন ডি এৰ প্ৰাৰ্থী তথা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কাইলৈ মনোনয়ন পত্র দাখিল কৰিব। সমষ্টিটোত ইউ ডি এফ, এল ডি এ...

April 3, 2024 7:09 PM

views 194

মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰত অগ্নিকাণ্ডত একে পৰিয়ালৰ ৭ জন লোকৰ মৃত্যু

◊ মহাৰাষ্ট্ৰৰ ছত্ৰপতি ছম্ভাজীনগৰ এলেকাত আজি পুৱতি নিশা সংঘটিত এটা অগ্নিকাণ্ডত একেটা পৰিয়ালৰ ৭ জন লোকে প্ৰাণ হেৰুৱায়। পুৱতি নিশা প্ৰায় ৩ বজাত এটা তিনিমহলীয়া ভৱনত সংঘটিত এই দুৰ্ভাগ্যজনক ঘটনাটোত প্ৰাণ হেৰুওৱা লোকসকলৰ মাজত পৰিয়ালটোৰ তিনিগৰাকী মহিলা আৰু দুটি শিশুও আছিল। ঘটনাটোৰ পাছত মৃতদেহকেইটা চৰকা...

April 3, 2024 7:06 PM

views 115

আকাশবাণী গুৱাহাটীৰ দৃষ্টিপাত অনুষ্ঠানত লোকনির্ণয়-২০২৪ অনুষ্ঠানত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে সাক্ষাৎকাৰ

♦ আকাশবাণী গুৱাহাটী কেন্দ্রই আজি নিশা ৭.২০ মিনিটত দৃষ্টিপাত লোকনির্ণয় ২০২৪ অনুষ্ঠানত লোকসভা নিৰ্বাচনৰ প্ৰস্তুতি সন্দৰ্ভত ৰাজ্যৰ মুখ্য নির্বাচনী বিষয়া অনুৰাগ গোৱেলৰ সৈতে সাক্ষাৎকাৰ প্ৰচাৰ কৰিব। এই অনুষ্ঠানটো ৰাজ্যখনৰ আকাশবাণীৰ আটাইকেইটা কেন্দ্রই একে সময়তে প্ৰচাৰ কৰিব৷

April 3, 2024 6:48 PM

views 94

বিদ্যালয়ৰ পাঠ্যপুথি সময়মতে যোগান ধৰাৰ বাবে এন চি ই আৰ টিয়ে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে

♦ ৰাষ্ট্ৰীয় শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ এন চি ই আৰ টিয়ে প্ৰকাশ কৰিছে যে বিদ্যালয়ৰ পাঠ্যপুথিসমূহ সময়মতে যোগান ধৰাৰ বাবে পৰিষদে সকলো প্ৰকাৰৰ প্ৰচেষ্টা গ্রহণ কৰিছে। পৰিষদে সকলো ছাত্ৰ-ছাত্ৰীক আৰু অভিভাৱকসকলক ধৈর্য ধৰাৰ লগতে ভয় নাখাবলৈ অনুৰোধ জনাইছে। উল্লেখযোগ্য যে বহু ৰাজ্যত পৰিষদৰ কিতাপ উপলব...