♦ কংগ্ৰেছ নেতা তথা ৱাইনাড সংসদীয় সমষ্টিৰ সাংসদ ৰাহুল গান্ধীয়ে আজি সমষ্টিটোৰ বাবে মনোনয়ন পত্র দাখিল কৰিব। এল ডি এফৰ প্রক্ষেপিত প্রার্থী চি পি আইৰ এন্নী বাজায়েও আজি মনোনয়ন দাখিল কৰিব। আনহাতে এন ডি এৰ প্ৰাৰ্থী তথা বিজেপিৰ ৰাজ্যিক সভাপতিয়ে কাইলৈ মনোনয়ন পত্র দাখিল কৰিব। সমষ্টিটোত ইউ ডি এফ, এল ডি এফ আৰু এন ডি এৰ প্ৰাৰ্থীৰ মাজত তৃকোণীয়া যুঁজ হোৱাৰ সম্ভাৱনা আছে। কেৰালাত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন এই মাহৰ ২৬ তাৰিখে অনুষ্ঠিত হ’ব। মনোনয়ন পত্ৰ দাখিলৰ কাইলৈ অন্তিম দিন। আনহাতে পৰহিলৈ মনোনয়ন পত্রসমূহ পৰীক্ষণ কৰা হ’ব। মনোনয়ন পত্র প্রত্যাহাৰৰ অন্তিম দিন এই মাহৰ ৮ তাৰিখ।
Assamese | April 3, 2024 7:11 PM | Congress | India | Lok Sabha Election | Lok Sabha Elections 2024 | Political | Rahul Gandhi
ৱাইনাড সংসদীয় সমষ্টিৰ বাবে ৰাহুল গান্ধীয়ে মনোনয়ন পত্র দাখিল কৰিব