April 24, 2024 6:44 PM

views 49

ৰাজ্যৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ৫টা সমষ্টিৰ বাবে ৬১গৰাকী প্ৰাৰ্থীৰ প্ৰতিদ্বন্দ্বিতা, ৭৭ লাখৰো অধিক ভোটদাতা

ৰাজ্যত দ্বিতীয় পৰ্যায়ত ২৬ এপ্ৰিলত ৫ টা সমষ্টিৰ বাবে হ’বলগীয়া নিৰ্বাচনৰ ৬১ গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াব। এই পর্যায়ত ৭৭ লাখৰো অধিক ভোটদাতাই গণতান্ত্রিক অধিকাৰ সাব্যস্ত কৰাৰ সুযোগ লাভ কৰিব। উল্লেখযোগ্য যে সংশোধিত চূড়ান্ত ভোটদাতাৰ তালিকা অনুসৰি অসমত প্রায় ২ কোটি ৪৩ লাখ ভোটদাতাই এইবাৰ...

April 24, 2024 6:41 PM

views 48

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ নির্বাচন আয়োগৰ সকলো প্ৰস্তুতি সম্পূৰ্ণ

ৰাজ্যত দ্বিতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনক লৈ নির্বাচন আয়োগে সকলো প্ৰকাৰৰ প্ৰস্তুতি সম্পূৰ্ণ কৰি তুলিছে। ভোটাৰৰ মাজত সজাগতা সৃষ্টিৰ বাবে আজি বিজনী মহকুমাধিপতি কাৰ্যালয়ত এটা ৰক্তদান শিবিৰৰ আয়োজন কৰা হয়। প্ৰণালীবদ্ধ ভোটাৰ শিক্ষা আৰু নিৰ্বাচনী অংশগ্রহণ কোষৰ উদ্যোগত আৰু বঙাইগাঁও নামনি অসম চিকিৎসালয় ...

April 24, 2024 5:43 PM

views 41

ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত ভাৰতীয় বনসেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰ সমাৱর্তনত ভাষণ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ

দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত ভাৰতীয় বনসেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সমাৱর্তন সমাৰোহত ভাষণ দিছে। সমাৰোহত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমীৰ ৯৯ গৰাকী প্ৰশিক্ষণৰত বিষয়াৰ লগতে ভূটানৰ দুগৰাকী প্ৰশিক্ষণৰত বিষয়াই একাডেমীৰ ২০...

April 24, 2024 5:40 PM

views 40

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্চায়তীৰাজ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে পঞ্চায়তীৰাজ দিৱস উপলক্ষে দেশবাসীক শুভেচ্ছা জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ জৰিয়তে দিয়া এটা বাৰ্তাত প্ৰধানমন্ত্ৰীগৰাকীয়ে গ্ৰাম্য ভাৰতবৰ্ষৰ সংস্কাৰ সাধনৰ লগতে জনসাধাৰণৰ জীৱন ধাৰণৰ মান উন্নত হৈ উঠাটো নিশ্চিত কৰাৰ হকে তৃণমূল পৰ্যায়ত কাম কৰি থকা সকলো লোকৰেই শলাগ লয়। তেও...

April 24, 2024 5:38 PM

views 49

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত ৪খন আসনৰ বাবে ৪৭গৰাকীৰ প্ৰতিদ্বন্দ্বিতা

ৰাজ্যত লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ত মুঠ ৪৭গৰাকীয়ে প্ৰতিদ্বন্দ্বিতা কৰিব। এই পর্যায়ত ৪খন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব। কালি ৫গৰাকী প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ প্ৰত্যাহাৰ কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ অন্তত কোকৰাঝাৰ সংসদীয় সমষ্টিৰ পৰা ১২ গৰাকী, বৰপেটাৰ পৰা ১৪ গৰাকী, ধুবুৰীৰ পৰা ১৩ গৰাকী আৰু গুৱা...

April 24, 2024 5:36 PM

views 53

উত্তৰ-পূব ভাৰতত ২৯ এপ্ৰিললৈকে পাতলীয়াৰ পৰা মজলীয়া বৰষুণৰ সম্ভাৱনা

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে অহা ২৯ এপ্ৰিললৈকে উত্তৰ-পূব ভাৰতত পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হ'ব পাৰে বুলি আগলি বতৰা দিছে। বিভাগটোৱে অহা ২-৩ দিনত পশ্চিমবংগ, ওড়িশা আৰু ছিকিমত বৰষুণ দিব পাৰে বুলি পূর্বাভাস প্ৰকাশ কৰিছে। মধ্য মহাৰাষ্ট্ৰ, মাৰাথৱাড়া আৰু দক্ষিণ ভাৰতৰ কেইবাটাও অঞ্চলত বৰষুণ-ধুমুহা আৰু বজ্ৰপাত...

April 24, 2024 5:34 PM

views 49

ত্ৰিপুৰাত তীব্ৰ গৰমৰ বাবে ২৭ এপ্ৰিললৈ সকলো বিদ্যালয় বন্ধ ঘোষণা ৰাজ্য চৰকাৰৰ

তীব্ৰ গৰমৰ পৰিপ্ৰেক্ষিতত ত্ৰিপুৰা ৰাজ্য চৰকাৰে অহা চাৰিদিনৰ বাবে সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছে। শিক্ষা বিভাগৰ সচিবে প্ৰেছ বিজ্ঞপ্তিযোগে ৰাজ্যখনৰ সকলো চৰকাৰী, চৰকাৰী সাহায্যপ্রাপ্ত আৰু ব্যক্তিগত খণ্ডৰ বিদ্যালয় আজিৰপৰা ২৭ এপ্ৰিললৈ বন্ধ ৰাখিবলৈ নিৰ্দেশ দিছে। ৰাজ্যখনৰ স্বাস্থ্য বিভাগে জনসাধাৰণক ৰ'দৰ ...

April 24, 2024 5:32 PM

views 45

আই পি এল ক্রিকেটত আজি গুজৰাট টাইটানছ আৰু দেলহি কেপিটেলছৰ খেল

আই পি এল ক্রিকেট প্রতিযোগিতাত আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত হ'বলগীয়া এখন খেলত গুজৰাট টাইটানছ দেলহি কেপিটেলছৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন সন্ধিয়া চাৰে ৭ বজাত আৰম্ভ হ'ব। ইফালে, লক্ষ্ণৌ ছুপাৰ জায়েণ্টছে যোৱানিশা চেন্নাইৰ এম এ চিদাম্বৰম ষ্টেডিয়ামত অনুষ্ঠিত এখন খেলত চেন্নাই ছুপাৰ কিংছক ৬ উইকেটত প...

April 23, 2024 8:28 PM

views 39

আজিৰে পৰা চীনৰ ছাংঘাইত আৰ্ছাৰী বিশ্বকাপ ২০২৪ আৰম্ভ

আৰ্ছাৰী বিশ্বকাপ ২০২৪ আজি চীনৰ ছাংঘাইত আৰম্ভ হ'ব। ৩ বাৰকৈ অলিম্পিকত অংশগ্ৰহণ কৰা দিপিকা কুমাৰীয়ে এই প্ৰতিযোগিতাত ভাৰতীয় প্ৰত্যাহ্বানৰ গুৰি ধৰিব। ভাৰতে ২৩ৰ পৰা ২৮ এপ্ৰিললৈ হবলগীয়া প্ৰতিযোগিতাৰ প্ৰথম পৰ্যায়ত অংশগ্ৰহণ কৰাৰ বাবে এটা ১৬ জনীয়া দল প্ৰেৰণ কৰিছে।

April 23, 2024 8:21 PM

views 53

আসন আৱণ্টন কৰাটো সুনিশ্চিত কৰিবলৈ বিমান পৰিবহণ সংস্থাসমূহলৈ নির্দেশ

অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ে একে পি এন আৰ নম্বৰেৰে ভ্ৰমণ কৰা ১২ বছৰ বয়স পর্যন্ত শিশুক পিতৃ-মাতৃ অথবা অভিভাৱকৰ সৈতে আসন আৱণ্টন কৰাটো সুনিশ্চিত কৰিবলৈ বিমান পৰিবহণ সংস্থাসমূহক নির্দেশ দিছে। অসামৰিক বিমান পৰিবহণ সঞ্চালকালয়ৰ বিবৃতি অনুসৰি ১২ বছৰ বয়সৰ তলৰ শিশুক পিতৃ-মাতৃ অথবা অভিভাৱকৰ সৈতে আসন আৱ...