দুদিনীয়া ভ্রমণসূচীৰে উত্তৰাখণ্ডলৈ যোৱা ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত ভাৰতীয় বনসেৱাৰ প্ৰশিক্ষণৰত বিষয়াসকলৰ সমাৱর্তন সমাৰোহত ভাষণ দিছে। সমাৰোহত ইন্দিৰা গান্ধী ৰাষ্ট্ৰীয় বন একাডেমীৰ ৯৯ গৰাকী প্ৰশিক্ষণৰত বিষয়াৰ লগতে ভূটানৰ দুগৰাকী প্ৰশিক্ষণৰত বিষয়াই একাডেমীৰ ২০২২-২৪ বৰ্ষৰ পাঠ্যক্ৰমৰ বাবে স্নাতক ডিগ্রী লাভ কৰে। ইয়াৰ ভিতৰত মধ্য প্ৰদেশৰ সৰ্বাধিক ১৫ গৰাকী বিষয়া থকাৰ বিপৰীতে উত্তৰাখণ্ডৰ তিনিগৰাকী বিষয়া আছে।
Assamese | April 24, 2024 5:43 PM | prez murmu uttarakhand
ডেৰাডুনৰ বন গৱেষণা প্ৰতিষ্ঠানত ভাৰতীয় বনসেৱাৰ প্ৰশিক্ষণৰত বিষয়াৰ সমাৱর্তনত ভাষণ ৰাষ্ট্ৰপতি দ্রৌপদী মুৰ্মুৰ