May 2, 2024 8:50 PM

views 36

উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষত নামভৰ্তিৰ বাবে ছাত্ৰ-ছাত্ৰীয়ে ১৫ মে’পর্যন্ত কৰিব পাৰিব অনলাইন আবেদন

অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে উচ্চতৰ মাধ্যমিক প্রথম বৰ্ষত নামভৰ্তিৰ ক্ষেত্ৰত কেতবোৰ সালসলনি ঘটাইছে। শিক্ষা সংসদৰ সচিবে জাৰি কৰা নতুন নিৰ্দেশনা অনুসৰি ছাত্ৰ-ছাত্ৰীয়ে প্রথম বর্ষত নামভৰ্তিৰ বাবে অহা ১৫ মে’পর্যন্ত অনলাইন আবেদন দাখিল কৰিব পাৰিব। সংশ্লিষ্ট শিক্ষানুষ্ঠানৰ দ্বাৰা ১৬ৰ পৰা ১৮ মে’ৰ ভিতৰত ব...

May 2, 2024 8:48 PM

views 36

ছক্‌ছগাম উপত্যাকাৰ নিৰ্মাণৰ তথ্য সলনিৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে ভাৰতৰ প্ৰতিবাদ

ভাৰতে ছক্‌ছগাম উপত্যাকাৰ নিৰ্মাণৰ কাম-কাজৰ তথ্য সলনি কৰাৰ বাবে চীনে চলোৱা অবৈধ প্ৰয়াসৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰিছে। নতুন দিল্লীত আজি বিয়লি সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণদ্বীপ জয়ছোৱালে কয় যে, ভাৰতে ছক্‌ছগাম উপত্যাকাক নিজৰ ক্ষেত্ৰ বুলি গণ্য কৰে আৰু ১৯৬৩ চনৰ ...

May 2, 2024 8:47 PM

views 40

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান তুংগত, গুজৰাটত প্ৰধানমন্ত্ৰী মোদীৰ নিৰ্বাচনী প্ৰচাৰ

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰ অভিযান সামৰণি পৰিবলৈ মাথোঁ তিনিটা দিন বাকী থকা অৱস্থাত সকলো ৰাজনৈতিক দল আৰু প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰ তুংগত উঠিছে। বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে আজি গুজৰাটৰ জুনাগড়ত এখন নির্বাচনী সভাত ভাগ লয় কয় যে বিজেপি চৰকাৰে সন্ত্ৰাসবাদক যোগ্য ...

May 2, 2024 8:44 PM

views 41

কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্ত্বেও তৃণমূল কংগ্ৰেছৰ শাসনকালত পশ্চিমবংগ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছেঃ মমতা বেনাৰ্জী

তৃণমূল কংগ্ৰেছৰ মুৰব্বী মমতা বেনাৰ্জীয়ে কৈছে যে, কেন্দ্ৰীয় চৰকাৰৰ অৱহেলা সত্ত্বেও দলটোৰ শাসনকালত পশ্চিমবংগ বিকাশৰ পথেৰে অগ্ৰসৰ হৈছে। পশ্চিমবংগৰ নাদিয়া জিলাৰ তেহট্টাত আজি কৃষ্ণানগৰৰ পৰা তৃণমূল কংগ্ৰেছৰ প্ৰাৰ্থীৰ হকে এখন নির্বাচনী সভাত অংশগ্ৰহণ কৰি শ্ৰীমতী বেনাৰ্জীয়ে এইদৰে কয়। তৃণমূল কংগ্ৰেছৰ মুৰ...

May 2, 2024 8:43 PM

views 43

ভোটদাতাসকলক নিৰ্বাচনৰ পৰৱৰ্তী সময়ৰ বাবে হিতাধিকাৰীকেন্দ্ৰিক আঁচনিত পঞ্জীভুক্ত নকৰিবলৈ ৰাজনৈতিক দলসমূহলৈ নিৰ্বাচন আয়োগৰ নিৰ্দেশ

নির্বাচন আয়োগে যিকোনো বিজ্ঞাপন, এপ অথবা জৰীপৰ জৰিয়তে নির্বাচনোত্তৰ হিতাধিকাৰীকেন্দ্ৰিক আঁচনিত ব্যক্তি বিশেষৰ নাম পঞ্জীভুক্ত কৰাৰ সকলো কাম-কাজ ততালিকে বন্ধ কৰিবলৈ আৰু এনে কামৰ পৰা বিৰত থাকিবলৈ ৰাষ্ট্ৰীয় আৰু ৰাজ্যিক পৰ্যায়ৰ ৰাজনৈতিক দলসমূহলৈ পৰামৰ্শ জাৰি কৰিছে। আয়োগে কৈছে যে, নিৰ্বাচনৰ পাছত লাভৰ ...

May 2, 2024 8:32 PM

views 47

চীনত চলি থকা উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত পৰাজিত

চীনৰ চেংদুত চলি থকা উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত পৰাজিত হৈছে। আজি অনুষ্ঠিত খেলত জাপানে ভাৰতক ৩-০ ব্যৱধানত পৰাজিত কৰে। ভাৰতৰ অস্মিতা চলিহা আৰু শিখাৰাণী বৰুৱাই একক খেলত জাপানৰ প্ৰতিযোগীৰ বিৰুদ্ধে পৰাজিত হোৱাৰ বিপৰীতে ডাবলছ খেলতো ভাৰতৰ প্ৰিয়া আৰু শ্ৰুতি মিশ্ৰ পৰাজিত হয়। আনহাতে, পুৰুষৰ থমাছ কাপত ক...

May 2, 2024 8:31 PM

views 54

ছিলেটত অনুষ্ঠিত মহিলা টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত বাংলাদেশক ৭ উইকেটত পৰাস্ত ভাৰতৰ

ভাৰতীয় মহিলা ক্রিকেট দলে আজি ছিলেটত অনুষ্ঠিত পাঁচখনীয়া টি-২০ ক্রিকেট শৃংখলাৰ তৃতীয়খন খেলত ঘৰুৱা দল বাংলাদেশক ৭ উইকেটত পৰাস্ত কৰি শৃংখলাত ৩-০ ফলাফলেৰে অপ্ৰতিৰোধ্য অগ্রগতি লাভ কৰে। ভাৰতে ১১৮ ৰানৰ বিজয় লক্ষ্যৰে খেল আৰম্ভ কৰি ১৮ অভাৰ আৰু ৩ টা বলত নিৰ্ধাৰিত লক্ষ্যত উপনীত হয়। ইয়াৰ পূৰ্বে বালাংদেশে প...

May 2, 2024 6:51 PM

views 29

শিৱসাগৰ জিলাত ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ মাছ ধৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি

শিৱসাগৰ জিলাৰ অতিৰিক্ত আয়ুক্ত সব্যসাচী কাশ্যপে এক নিৰ্দেশযোগে ফৌজদাৰী কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তথা মীন নীতি, ১৯৫৩ আৰু অসম মীন নীতি, ২০০৫ অনুসৰি সমগ্ৰ শিৱসাগৰ জিলাতে বলৱৎ হোৱাকৈ মাছ ধৰাৰ ক্ষেত্ৰত কেতবোৰ নিষেধাজ্ঞা জাৰি কৰিছে। এই অনুসৰি ১ এপ্ৰিলৰ পৰা ১৫ জুলাইলৈ আঢ়ৈ ইঞ্চিতকৈ সৰু বৰ্গৰ ফাঁকৰ বৰজ...

May 2, 2024 6:49 PM

views 55

হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ডিব্ৰুগড় জিলা প্রশাসনৰ পর্যালোচনা বৈঠক

চলিত বছৰৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল সন্দৰ্ভত ডিব্ৰুগড় জিলা প্রশাসনে আজি জিলা আয়ুক্তৰ উপস্থিতিত এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকৰ কাৰ্যালয়ৰ উদ্যোগত আৰু জিলা প্ৰশাসনৰ সহযোগত এই বৈঠকৰ আয়োজন কৰা হয়। বৈঠকত জিলাখনৰ আটাইকেইখন চৰকাৰী, প্রাদেশিকীকৃত উচ্চ মাধ্যমিক...

May 2, 2024 6:48 PM

views 32

লখিমপুৰত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত ১১ মে’ত ৰাষ্ট্ৰীয় লোক আদালত

ৰাষ্ট্ৰীয় আইন সেৱা প্ৰাধিকৰণ আৰু অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ নিৰ্দেশনাৰ ভিত্তিত লখিমপুৰত জিলা আইন সেৱা প্ৰাধিকৰণৰ উদ্যোগত অহা ১১ মে’ত ৰাষ্ট্ৰীয় লোক আদালত অনুষ্ঠিত হ'ব। জিলাখনৰ ন্যায়িক আদালত আৰু ঢকুৱাখনা মহকুমা ন্যায়িক আদালতৰ চৌহদত এই লোক আদালত অনুষ্ঠিত হ'ব। এই লোক আদালতত ভূমি অধিগ্রহণ গোচৰ, ...