চীনৰ চেংদুত চলি থকা উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত পৰাজিত হৈছে। আজি অনুষ্ঠিত খেলত জাপানে ভাৰতক ৩-০ ব্যৱধানত পৰাজিত কৰে। ভাৰতৰ অস্মিতা চলিহা আৰু শিখাৰাণী বৰুৱাই একক খেলত জাপানৰ প্ৰতিযোগীৰ বিৰুদ্ধে পৰাজিত হোৱাৰ বিপৰীতে ডাবলছ খেলতো ভাৰতৰ প্ৰিয়া আৰু শ্ৰুতি মিশ্ৰ পৰাজিত হয়। আনহাতে, পুৰুষৰ থমাছ কাপত কোৱাৰ্টাৰ ফাইনেলত চীনৰ বিৰুদ্ধে ভাৰত ৩-১ গ’লৰ ব্যৱধানত পৰাজিত হয়।
Assamese | May 2, 2024 8:32 PM | UBER CUP INDIA JAPAN
চীনত চলি থকা উবেৰ কাপৰ কোৱাৰ্টাৰ ফাইনেলত ভাৰত পৰাজিত