August 7, 2024 12:46 PM

views 30

চি এছ চেট্টীক ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ হিচাপে নিযুক্তি

চৰকাৰে চি এছ চেট্টীক ভাৰতীয় ষ্টেট বেংকৰ অধ্যক্ষ হিচাপে তিনি বছৰৰ বাবে নিযুক্তি দিছে। শ্রী চেট্টী বর্তমান বেংকটোৰ আটাইতকৈ জ্যেষ্ঠ প্ৰৱন্ধ নির্দেশক হিচাপে কৰ্মৰত হৈ আছে। বৰ্তমানৰ অধ্যক্ষ দীনেশ কুমাৰ খেৰাৰ ঠাইত ২৮ আগষ্টত নতুন অধ্যক্ষ হিচাপে চি এছ চেট্টীয়ে দায়িত্ব গ্রহণ কৰিব।

August 7, 2024 12:43 PM

views 43

মহম্মদ ইউনুছক বাংলাদেশৰ অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিয়োগ

বাংলাদেশৰ ৰাষ্ট্ৰপতি মহম্মদ চাহাবুদ্দিনে নবেল বঁটা প্ৰাপক মহম্মদ ইউনুছক অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী হিচাপে নিয়োগ কৰিছে। ঢাকাৰ ৰাষ্ট্ৰপতি ভৱনত কালি সেনাবাহিনীৰ তিনিওটা শাখাৰ মুৰব্বী আৰু বৈষম্যবিৰোধী ছাত্র আন্দোলনৰ ১৩জনীয়া প্ৰতিনিধিবর্গৰ সৈতে হোৱা ৰাষ্ট্ৰপতি চাহাবুদ্দিনৰ বৈঠকত এই সিদ্ধান্ত গ্ৰহণ ক...

August 7, 2024 12:41 PM

views 39

ভাৰতে কূটনৈতিক মিছনৰ জৰিয়তে বাংলাদেশত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে বুলি ডº এছ জয়শংকৰৰ প্ৰকাশ

বাংলাদেশৰ অশান্ত পৰিস্থিতিৰ মাজতে ভাৰতে কূটনৈতিক মিছনৰ জৰিয়তে দেশখনত থকা ভাৰতীয় নাগৰিকসকলৰ সৈতে অহৰহ সম্পৰ্ক ৰক্ষা কৰি আহিছে। বিদেশ মন্ত্ৰী ডº এছ জয়শংকৰে কালি সংসদৰ উভয় সদনত নিজাববীয়াকৈ বিবৃতি দি কয় যে সম্প্ৰতি ৯ হাজাৰ শিক্ষাৰ্থীসহ প্রায় ১৯ হাজাৰ ভাৰতীয় নাগৰিক বাংলাদেশত আছে। তেওঁ কয় যে, ঢাক...

August 7, 2024 12:38 PM

views 47

খেতিয়কসকলক হ্রস্বকালীন ঋণ প্ৰদান কৰিবলৈ বেংকসমূহক নিৰ্দেশ ভাৰতীয় ৰিজাৰ্ভ বেংকৰ

ভাৰতীয় ৰিজাৰ্ভ বেংক, আৰ বি আয়ে কেন্দ্ৰীয় চৰকাৰৰ সংশোধিত সুদ সাহায্য যোজনা অব্যাহত ৰখাৰ সিদ্ধান্তলৈ চাই বেংকসমূহক হ্রস্বকালীন শস্য ঋণ আৰু পশুপালন, দুগ্ধ উৎপাদন, মৎস্য পালন, মৌ পালনৰ দৰে আনুষঙ্গিক কাম-কাজৰ বাবে কম হাৰত হ্ৰস্বকালীন ঋণ প্ৰদান কৰিবলৈ কৈছে। এই আঁচনিৰ অধীনত খেতিয়কসকলক ৭ শতাংশ সুদৰ হাৰত...

August 7, 2024 12:34 PM

views 45

নতুন দিল্লীত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন

নতুন দিল্লীত আজি দশম ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস উদযাপন কৰা হ'ব। উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে হস্ততাঁত খণ্ডলৈ আগবঢ়োৱা অৱদানৰ বাবে শিল্পীসকলক সন্ত কবীৰ বটাঁ আৰু ৰাষ্ট্ৰীয় হস্ততাঁত বঁটা প্ৰদান কৰিব। উপৰাষ্ট্ৰপতিগৰাকীয়ে 'পৰম্পৰা-ভাৰতীয় হস্ততাঁত পৰম্পৰাৰ বহনক্ষমতা' শীর্ষক এখন গ্রন্থও উন্মোচন কৰিব। কেন্দ্ৰ...

August 6, 2024 9:17 PM

views 53

পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ

পেৰিছ অলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰ'ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। একেটা ইভেন্টতে এছিয়ান গেমছত ৰূপক পদক লাভ কৰা কিশোৰ কুমাৰ জেনাই গ্রুপ-এৰ যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত ১৫ স্থানতে থমকি ৰ'বলগীয়া হয়। মল্লযুদ্ধত এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক বিজেতা ...

August 6, 2024 9:13 PM

views 41

ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ লাটমণ্ডল ৰহিৰাম মণ্ডল আৰু চৰকাৰী বাহন চালক ধ্ৰুৱ চৰণ নাথক গ্ৰেপ্তাৰ

তদাৰকী আৰু দুৰ্নীতি নিবাৰক শাখাই আজি অভিযান চলাই ওদালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ লাটমণ্ডল ৰহিৰাম মণ্ডল আৰু চৰকাৰী বাহন চালক ধ্ৰুৱ চৰণ নাথক গ্ৰেপ্তাৰ কৰে। উল্লেখযোগ্য যে মণ্ডল আৰু নাথক উৎকোচ লোৱাৰ সময়ত বিভাগীয় কৰ্মীয়ে হাতে-লোটে ধৰা পেলাবলৈ সক্ষম হয়।

August 6, 2024 9:10 PM

views 44

হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান গৃহমন্ত্রী অমিত শ্বাহৰ

কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে অহা ৯ আগষ্টৰ পৰা ১৫ আগষ্টলৈ হৰ ঘৰ তিৰংগা অভিযানৰ অংশ হিচাপে দেশৰ জনসাধাৰণক নিজৰ বাসগৃহত ত্ৰিৰংগ পতাকা উত্তোলন কৰিবলৈ আহ্বান জনাইছে। প্ৰতিগৰাকী ভাৰতীয়ৰ বাবে গৰ্ব আৰু স্বাভিমানৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি একোখন ছেল্কি হৰ ঘৰ তিৰংগা ৱেবছাইটত আপলোড কৰিবলৈও মন্ত...

August 6, 2024 9:07 PM

views 50

ডিব্ৰুগড় জিলাত ই-শ্ৰম প’ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলৰ ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ

উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশমৰ্মে ২০২১ চনৰ আগষ্ট মাহৰ পৰা ২০২৩ চনৰ আগষ্ট মাহৰ ভিতৰত ডিব্ৰুগড় জিলাত ই-শ্ৰম প'ৰ্টেলত পঞ্জীভুক্ত যোগ্য ব্যক্তিসকলে ৰাষ্ট্ৰৰ খাদ্য সুৰক্ষা আইন, ২০১৩-ৰ অধীনত ৰেচন কাৰ্ড প্ৰদানৰ বাবে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰা হৈছে। ইয়াৰ অংশ হিচাপে আজি বৰবৰুৱা উন্নয়ন খণ্ডৰ কাৰ্যালয়ত খণ্ড ...

August 6, 2024 9:07 PM

views 46

অসম গণ পৰিষদৰ মুখ্য কাৰ্যালয়ত ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত

অসম গণ পৰিষদৰ আমবাৰীৰ মুখ্য কাৰ্যালয়ত আজি অসম মহিলা পৰিষদ, অসম কৃষক পৰিষদ, অসম ছাত্ৰ পৰিষদ আৰু অসম ধৰ্মীয় সংখ্যালঘু পৰিষদৰ ৪ খন গুৰুত্বপূৰ্ণ বর্ধিত কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ সভা অনুষ্ঠিত হয়। চাৰিখন সভাতে কেন্দ্রীয় সমিতি, জিলা সমিতি আৰু সমষ্টি সমিতিৰ সভাপতি, সম্পাদক তথা বিষয়ববীয়াসকলে অংশগ্ৰহণ ক...