পেৰিছ অলিম্পিকত যোৱাবাৰৰ চেম্পিয়ন নীৰজ চোপ্ৰাই আজি পুৰুষৰ জেভলিন থ্ৰ’ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ কৰিছে। একেটা ইভেন্টতে এছিয়ান গেমছত ৰূপক পদক লাভ কৰা কিশোৰ কুমাৰ জেনাই গ্রুপ-এৰ যোগ্যতা নির্ণয়কাৰী ৰাউণ্ডত ১৫ স্থানতে থমকি ৰ’বলগীয়া হয়।
মল্লযুদ্ধত এছিয়ান গেমছ আৰু কমনৱেলথ গেমছত সোণৰ পদক বিজেতা ৱিনেশ ফোগাটে মহিলাৰ ৫০ কিলোগ্রাম ওজন শাখাৰ কোৱাৰ্টাৰ ফাইনেলত ইউক্রেইনৰ ওকছানা লিভাকক ৭-৫ত পৰাস্ত কৰি ছেমি ফাইনেলত প্ৰৱেশ কৰিছে। ইয়াৰ পূৰ্বে ফোগাটে প্রি-কোৱাৰ্টাৰ ফাইনেলত জাপানৰ ছুছাকী য়ুইক ৩-২ ফলাফলত পৰাস্ত কৰি কোৱাৰ্টাৰ ফাইনেলত প্ৰৱেশ কৰিছিল। ৱিনেশ ফোগাটে আজি নিশা ১০.২৫ মিনিটত অনুষ্ঠিত হ’বলগীয়া ছেমি ফাইনেত কিউবাৰ মল্লযোদ্ধা য়ুছনেইলিছ গুজমান ল’পাজ বা লিথুৱেনিয়াৰ গেভিজা ডিলাইতৰ বিৰুদ্ধে অৱতীৰ্ণ হ’ব।
ভাৰতীয় হকী দলটোৱে গ্রেট ব্ৰিটেইনক পৰাস্ত ছেমি ফাইনেত নিজৰ স্থান নিশ্চিত কৰিছে। ভাৰতে এতিয়ালৈকে অলিম্পিকত ৮টা সোণ, এটা ৰূপ আৰু তিনিটা ব্ৰঞ্জৰ পদকেৰে মুঠ ১২টা পদক অৰ্জন কৰি হকীৰ ক্ষেত্ৰত সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শনকাৰী দেশ হিচাপে পৰিগণিত হৈছে।
Assamese | August 6, 2024 9:17 PM | Neeraj Chopra | Paris Olympic 2024 | Paris Olympics | SPORTS
পেৰিছ অলিম্পিকত নীৰজ চোপ্ৰাই জেভলিন থ্ৰ’ত ৮৯.৩৪ মিটাৰ কৰি ফাইনেলত প্ৰৱেশ