March 4, 2025 7:58 PM

views 57

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ ক'ৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৮ কোটি ৮৯ লাখ টকা ব্যয় ...

March 4, 2025 7:54 PM

views 67

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলৰ কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ

ৰাজ্যৰ বিভিন্ন প্ৰান্তত আজি ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ কৰ্মচাৰীসকলে সপ্তম দৰমহা আয়োগৰ পৰামৰ্শ অনুসৰি বেতনসহ বকেয়া প্রদান, উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ অনুসৰি সম কাম-সম বেতন আৰু সমান সুযোগ সুবিধাৰ দাবীত তিনিদিনীয়া কৰ্ম বিৰতি কাৰ্যসূচী ৰূপায়ণ কৰিছে। শিৱসাগৰ জিলাৰ এহেজাৰৰো অধিক এন এইচ এমৰ স্বাস...

March 4, 2025 7:51 PM

views 50

বিধানসভাত লালদুহমাৰ ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন

মিজোৰামৰ মুখ্যমন্ত্ৰী লালদুহমাই আজি ৰাজ্য বিধানসভাত ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰে। বিত্ত বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী লালদুহমাই উত্থাপন কৰা এই বাজেটত মুঠ ১৫ হাজাৰ ১৯৮ কোটি টকাৰ ব্যয় ধাৰ্য কৰা হৈছে। ইয়াৰ ভিতৰত ১২ হাজাৰ ৫৪০ কোটি ২০ লাখ টকাৰ ৰাজহ ব্যয় শিতানত ধাৰ্য্য কৰা হৈছে...

March 4, 2025 7:48 PM

views 50

প্ৰাক্তন আই আই টিয়ানৰ সহযোগত অসমত ১০ টা দক্ষতা বিকাশ কেন্দ্ৰ স্থাপন

ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান-আই আই টিৰ পৰা উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীৰ সৰ্বভাৰতীয় সংগঠনৰ সহযোগত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত অসমত যুৱক-যুৱতীৰ দক্ষতা বিকাশৰ বাবে ১০ টা দক্ষতা কেন্দ্ৰ স্থাপন কৰা হ'ব। ৯০ কোটি টকা ব্যয় সাপেক্ষ এই প্ৰকল্পৰ ১০ শতাংশ ৰাজ্য চৰকাৰে আৰু বাকী অংশ আই আই টিৰ প্ৰাক্তন ছ...

March 4, 2025 7:44 PM

views 55

ৰাজ্যত বৰ্তমানলৈকে ২৭, ৯৩১ খন নলযোগে পানীযোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে বুলি জয়ন্ত মল্লবৰুৱাৰ প্ৰকাশ

ৰাজ্যত বৰ্তমানলৈকে ২৭ হাজাৰ ৯৩১ খন নলযোগে পানীযোগান আঁচনি ৰূপায়ণৰ বাবে গ্ৰহণ কৰা হৈছে আৰু ইয়াৰে ১৭ হাজাৰ ৩১৫ খন আঁচনিৰ কাম ইতিমধ্যে সম্পূৰ্ণ হৈছে। বিধানসভাত আজি এটা প্ৰশ্নৰ উত্তৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই এই কথা প্ৰকাশ কৰি কয়, যে এতিয়ালৈকে অসম্পূৰ্ণ হৈ থকা ১০ হাজাৰ ৬১...

March 4, 2025 7:39 PM

views 43

ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি বিত্ত মন্ত্রীৰ প্ৰকাশ

অসম চৰকাৰে ৰাজ্যখনে গ্ৰহণ কৰা সৰ্বমুঠ ঋণ আৰু মুঠ ঘৰুৱা উৎপাদনৰ অনুপাত ২৪ শতাংশৰ ভিতৰত ৰাখিবলৈ সমৰ্থ হৈছে বুলি আজি বিত্ত মন্ত্রী অজন্তা নেওগে বিধানসভাত প্ৰকাশ কৰে। বিধায়ক আশ্রাফুল হুছেইনৰ ঋণৰ উৎস সম্পর্কে উত্থাপিত এটা প্ৰশ্নৰ উত্তৰত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে বিত্তীয় দায়বদ্ধতা আৰু বাজেট ব্যৱস্থা...

March 4, 2025 6:36 PM

views 69

জাহাঙ্গীৰ আলম চৌধুৰীৰ বিৰুদ্ধে বাংলাদেশৰ ঢাকাত জনসাধাৰণৰ প্ৰতিবাদ সাব্যস্ত

বাংলাদেশৰ ঢাকাত গৃহ পৰিক্ৰমা উপদেষ্টা জাহাঙ্গীৰ আলম চৌধুৰীৰ বিৰুদ্ধে জনসাধাৰণে প্ৰতিবাদ সাব্যস্ত কৰে। সমাজৰ বিভিন্ন ক্ষেত্ৰৰ মহিলাৰে গঠিত এখন মঞ্চই এই প্ৰতিবাদী কাৰ্যসূচীৰ নেতৃত্ব দিয়ে। শেহতীয়াকৈ ঢাকাত দুগৰাকী ছোৱালীক কৰা বৰ আক্ৰমণৰ প্ৰতিবাদ জনাই মহিলা মঞ্চই উপদেষ্টা জাহাঙ্গীৰ আলম চৌধুৰীক পদৰ পৰা ...

March 4, 2025 6:30 PM

views 39

নতুন দিল্লীত আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ দুদিনীয়া সন্মিলন

নির্বাচন আয়োগে আজিৰে পৰা ৰাজ্য আৰু কেন্দ্ৰীয়শাসিত অঞ্চলসমূহৰ মুখ্য নির্বাচনী বিষয়াসকলৰ বাবে নতুন দিল্লীত এখন দুদিনীয়া সন্মিলনৰ আয়োজন কৰিছে। ৰাষ্ট্ৰীয় ৰাজধানীখনৰ ভাৰত আন্তঃৰাষ্ট্ৰীয় গণতন্ত্ৰ আৰু নিৰ্বাচন পৰিচালনা প্ৰতিষ্ঠানত এই সন্মিলন অনুষ্ঠিত হ'ব। মুখ্য নির্বাচনী আয়ুক্ত জ্ঞানেশ কুমাৰে কাৰ্য...

March 4, 2025 6:21 PM

views 70

মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা সুৰক্ষা ধনঞ্জয় মুণ্ডেৰ মন্ত্ৰীসভাৰ পৰা পদত্যাগ

মহাৰাষ্ট্ৰ চৰকাৰৰ খাদ্য, অসামৰিক যোগান আৰু উপভোক্তা সুৰক্ষা ধনঞ্জয় মুণ্ডেই আজি মন্ত্ৰীসভাৰ পৰা পদত্যাগ কৰে। তেওঁ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছলৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰে। সংবাদ মাধ্যমত মুখ্যমন্ত্ৰীগৰাকীয়ে জনায় যে, তেওঁ শ্ৰী মুণ্ডেৰ পদত্যাগ পত্ৰ গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী কাৰ্যব্যৱস্থাৰ বাবে পদত্যা...

March 4, 2025 6:17 PM

views 55

জে পি নাড্ডাৰ অধ্যক্ষতাত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন ষ্টিয়েৰিং গোটৰ নৱমখন বৈঠক

কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়ালকল্যাণ মন্ত্রী জে পি নাড্ডাই আজি নতুন দিল্লীৰ ভাৰত মণ্ডপমত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিছন ষ্টিয়েৰিং গোটৰ নৱমখন বৈঠকত অধ্যক্ষতা কৰে। বৈঠকত স্বাস্থ্যক্ষেত্ৰৰ উন্নত সা- সুবিধা বৃদ্ধি আৰু ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ লক্ষ্য প্ৰাপ্তিৰ বাবে নীতি পৰিকাঠামো, কাৰ্যকৰী কৌশল...